নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত পথৰ দাঁতিত পক্ষী উদ্যান স্থাপন : আকর্ষণ কৰিছে পথচাৰীক

নিয়মীয়া বার্তা, ৫ জানুৱাৰীঃ পর্যটনৰ ক্ষেত্রলৈ পর্যৱসিত হৈছে গহপুৰৰ মাজেৰে যোৱা ফৰলেনযুক্ত পথৰ দাঁতিৰবডিগাঁওস্থিত একবৃহৎ এলেকা৷ কেইবাটাও জলাশয় থকা এলেকাটিত এতিয়া বিচৰণ কৰে সহস্রাধিক বিভিন্ন প্রজাতিৰ চৰাই–চিৰিকটি৷ জৈৱ–বৈচিত্র্য ৰক্ষার্থে গহপুৰৰ প্রকৃতি সংৰক্ষণ–সংবর্ধন অনুষ্ঠান ‘আমাৰ বনানী’ৰ উদ্যোগত ইংৰাজী নৱবর্ষৰ প্রাকক্ষণত গহপুৰবাসীক উপহাৰ দিলে এইখনি পক্ষী উদ্যান৷ প্রায় তিনিবছৰ ধৰি গহপুৰ মহকুমাৰ অন্তর্গত বডিগাঁও তিনিআলিস্থিত ফৰলেনযুক্ত পথৰ অভাৰব্রিজৰ তলৰবৃহৎ এলেকা সংৰক্ষণ কৰি গছ–বন ৰোপণেৰে আমাৰ বনানীৰ উদ্যোগত গঢ়ি তোলা হয় এইখন পক্ষী উদ্যান৷ ৩১ ডিচেম্বৰত মুকলি কৰি দিয়া গহপুৰ পক্ষী উদ্যানখন আমাৰ বনানীৰ উদ্যোগত আৰু ছয়দুৱাৰ শিক্ষাখণ্ডৰ সহযোগত সংৰক্ষিত কৰা হয়৷ বিশেষকৈ আমাৰ বনানীৰ সঞ্চালক তথা প্রকৃতিপ্রেমীবকুল গগৈৰ তৎপৰতাত গঢ়ি তোলা গহপুৰ পক্ষী উদ্যানখনত বিচৰণ কৰা বিভিন্ন প্রজাতিৰ চৰাই–চিৰিকটি এতিয়া পথচাৰীৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ আমাৰ বনানী আৰু ছয়দুৱাৰ শিক্ষাখণ্ডই পক্ষীৰ বাবে সংৰক্ষিত কৰা এলেকাটিক নতুন মাত্রা প্রদান কৰিবলৈ স্থানীয় ৰাইজে গহপুৰ মহকুমাৰ প্রশাসনকো অনুৰোধ জনাইছে৷ ৩১ ডিচেম্বৰত বকুল গগৈয়ে আঁতধৰা সভাত স্থানীয় ৰাইজৰ লগতে দাঁতি–কাষৰীয়া গহপুৰ মজলীয়া বিদ্যালয়, ঘগৰাৰ জয়পুৰ লাইন প্রাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রীৰ লগতে ছয়দুৱাৰ শিক্ষাখণ্ডৰ চি আৰ চি চি প্রফুল্ল বৰা, ৰিণি বৰা দিহিঙীয়া, প্রধান শিক্ষয়িত্রী জ্যোতিকা ভূঞা, অদিতি বৰা, গহপুৰ সেউজ সংঘৰ তত্ত্বাৱধায়িকা আঞ্জনা বৰা, প্রকৃতিপ্রেমী ৰঞ্জু মহন্ত, চন্দ্রপ্রভা ভাগৱতী শর্মা, সোলেঙী গাঁও পঞ্চায়তৰ সভাপতি বিপুল বৰা, অভিযন্তা ৰাজীৱ হাজৰিকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে৷ সভাতে সমাজকর্মী তথা প্রকৃতিপ্রেমী ধ্রুৱজ্যোতি হাজৰিকাই আমাৰ বনানীৰ উদ্যোগত অনুষ্ঠিত বিশেষ সভাখনত পক্ষী উদ্যানখন মুকলি কৰে৷ কিছুদিনৰ পূর্বে দুর্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ছয়দুৱাৰ শিক্ষাখণ্ডৰ দেৱজিৎ কাকতি আৰু চি আৰ চি দেৱজিৎ শর্মাৰ স্মৃতিত আমাৰ বনানীৰ উদ্যোগত পক্ষী উদ্যানখনতে দুটি মূল্যৱান গছপুলি ৰোপণ কৰা হয়৷ পক্ষী উদ্যানখন চাবলৈ এতিয়া পুৱা আৰু গধূলি ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে৷

প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া

You might also like