নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পদত পৰিণত জাবৰ : লখিমপুৰ পৌৰসভাৰ ২৬৭ কোটি টকীয়া জাবৰ নিষ্কাশন আঁচনি

বিশেষ বাৰ্তা, ৪ জানুৱাৰীঃ উত্তৰ লখিমপুৰ পৌৰসভাৰ চান্দমাৰী ডাম্পিং গ্ৰাউণ্ডৰ পৰা চিমেণ্ট উৎপাদনৰ বাবে প্ৰেৰণ কৰা হল পেলনীয়া জাবৰ। ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা প্লাষ্টিক জাতীয় জাবৰ প্ৰেৰণ কৰা হ’ল চিমেণ্ট প্ৰস্তুতৰ বাবে মেঘালয়ৰ চিমেণ্ট ফেক্টৰীলৈ। য’ত এই পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰা হ’ব চিমেণ্ট। প্লাষ্টিক বৰ্জিত অন্য সামগ্রী খিনি সাৰ হিচাপে ব্যৱহাৰ উপযোগী কৰি বিক্ৰীৰ ব্যৱস্থা কৰিছে পৌৰসভাই। কল এণ্ড ফিস্ক নামৰ কোম্পানীৰ সহযোগত পৌৰ সভাৰ এই প্ৰচেষ্টা। লক্ষ্য ণীয় এটিয়াৰে পৰা লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত নাথাকিব আৱৰ্জনাৰ দম। আৱৰ্জনা পৰাৰ লগে লগে সম্পদলৈ পৰিণত কৰা হব। ইয়াৰ দ্বাৰা পৰিবেশ প্ৰদুষণ ৰোধ হোৱাৰ লগতে মুকলি হৈ ৰব ডাম্পিং গ্ৰাউণ্ডৰ দৃষ্টি কটু পৰিবেশ। উল্লেখ্য বিগত প্ৰায় ত্ৰিশ বছৰ ধৰি নগৰৰ চান্দামাৰী এলেকাত থকা ডাম্পিং গ্ৰাউণ্ডত শ শ টন আৱৰ্জনা ই পাহাৰৰ ৰূপ ধাৰণ কৰিছিল। স্তুপীকৃত আৱৰ্জনা ই পৰিবেশ প্ৰদূষণ কৰাৰ লগতে দুৰ্গন্ধত সেই এলেকাৰ কাষেৰে যাতায়াত কৰিব নোৱাৰা অৱস্থা ৰ সৃষ্টি হৈছিল। দীর্ঘ দিনীয়া এই সমস্যা সমাধান ৰ বাবে অৱশেষত আগবাঢ়ি আহে লখিমপুৰ ৰ বিধায়ক মানৱ ডেকা। তেও উদ্যোগ লৈ নতুন প্ৰযুক্তিৰে এই আৱৰ্জনা নিষ্কাশন কৰি সম্পদলৈ পৰিণত কৰাৰ ব্যবস্থা লয়। সেই অনুসৰি কল এণ্ড ফিস্ক কোম্পানীক এই কামৰ দায়িত্ব দিয়া হয়। জিলা আনটাইড ফাণ্ড ৰ ২৬৭ কোটি টকা ব্যয়ৰে এই আচনি আৰম্ভ কৰা হয়। লখিমপুৰ পৌৰসভাৰ সহযোগত এই জাবৰ প্ৰেৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উপায়ুক্ত সুমিত সত্তোৱানে। নিতৌ এতিয়া ডাম্পিং গ্ৰাউণ্ডটোত জাবৰৰ পৰা প্লাষ্টিক নিষ্কাশন কৰি মেঘালয়ৰ চিমেণ্ট ফেক্টৰীলৈ প্ৰেৰণ কৰা হৈছে। আন পদার্থ সমুহ গুৰি কৰি সাৰ হিচাপে ব্যৱহাৰ কৰা ৰ ব্যৱস্থা কৰা হৈছে। নিতৌ কেইবাটনকৈ এনে সামগ্রী পৃথকীকৰণ কৰি প্ৰেৰণ কৰা হৈছে। অহা তিনিমাহৰ ভিতৰত এই ডাম্পিং গ্ৰাউণ্ডটো আৱৰ্জনা শূন্য হৈ পৰিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী সময়ত এই স্থানত এখন আটক ধুনীয়া উদ্যান নিৰ্মাণ ৰ আচনি গ্ৰহণ কৰা হৈছে। আনহাতে লখিমপুৰ পৌৰসভাৰ আৱৰ্জনা সমুহ এটিয়াৰে পৰা জাপিসজীয়াত নতুনকৈ প্ৰস্তুত কৰা ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ ব্যবস্থা কৰা হৈছে। কিন্তু নতুন ডাম্পিং গ্ৰাউণ্ডটো আৱৰ্জনাৰ দম জমা হবলৈ নিদিয়াৰ আচনি লৈছে পৌৰসভাখনে। সেই ডাম্পিং গ্ৰাউণ্ডটো আৱৰ্জনা পেলোৱাৰ লগে লগে এতিয়াৰ দৰে যান্ত্রিক প্ৰক্ৰিয়া ৰে আৱৰ্জনাসমুহ পৃথক কৰি চিমেণ্ট ফেক্টৰীলৈ প্ৰেৰণ কৰা আৰু প্লাষ্টিক বৰ্জিত অন্য সামগ্রী সমুহ সাৰলৈ ৰূপান্তৰিত কৰি বিক্ৰীৰ ব্যৱস্থা কৰা হব। সেয়ে হলে অনাগত সময়ত আৱৰ্জনা মুক্ত হৈ ৰব লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড। ৰাজধানী মহানগৰীতো এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও সফলতাৰ দিশত লখিমপুৰ পৌৰসভা ৰাজ্যৰ ভিতৰতে প্ৰথম হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

প্ৰেৰক জীৱন গোস্বামী

You might also like