নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলমণি ফুকন-কনকসেন ডেকালৈ ”নিউজ লাইভ”ৰ জীৱনজোৰা সাধনা বঁটা

বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰঃ ইংৰাজী নৱবর্ষ ২০২৩ৰ প্রাক্ক্ষণত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান৷ উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ছেটেলাইট চেনেল ‘নিউজ লাইভ’-এ আগবঢ়াইছে এই সন্মান৷ দুটা শিতানত আগবঢ়োৱা এই সন্মানৰ ভিতৰত জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ জীৱনজোৰা সাধনা বঁটা৷ ঠিক একেদৰে ২০২১ বর্ষৰ বর্ষশ্রেষ্ঠ অসমীয়া বঁটা আগবঢ়োৱা হৈছে অলিম্পিকৰ ব্রঞ্জ মেডেল বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক৷ আনহাতে চলিত বর্ষৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকাক৷ চলিত বর্ষৰ বর্ষশ্রেষ্ঠ অসমীয়া বঁটা প্রদান কৰা হ’ব কমনৱেলথ গেমছত স্বর্ণজয়ী খেলুৱৈ নয়নমণি শইকীয়াক৷

You might also like