নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত কৃষি পাম পৰিদৰ্শন ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰঃ আজি বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ বিষয়ববীয়াৰে জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত কৃষি পাম পৰিদৰ্শন কৰে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। এই পৰিদৰ্শন কালত তেওঁ কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা বিজেপি কৃষক মৰ্চাৰ সহযোগত গঢ় লৈ উঠা সম্পূৰ্ণ জৈৱিক কৃষি পামসমূহ পৰিদৰ্শন কৰি আনন্দিত হৈছোঁ। তদুপৰি উত্তৰ ফুলুং ডেকাবাৰী কৃষি পাম খনত উপস্থিত হৈ এটি সৌৰশক্তি চালিত পানী যোগান আঁচনি এটিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে ভট্টাচাৰ্যই। তেওঁ কৃষি পামসমূহৰ ভিতৰত স্বৰাজ আত্মসহায়ক গোট, উত্তৰ ফুলুং ডেকাবাৰী, ৰং মন কৃষি পাম আৰু আকাংক্ষা কৃষি গোটত কৃষক মৰ্চাৰ বিষয়াসকলৰ সৈতে পৰিদৰ্শন কৰাৰ লগতে অনাগত দিনত ইয়াৰ বিক্ৰী কেন্দ্ৰৰ বাবে চিন্তা চৰ্চা কৰাৰ বিষয়ে সদৰী কৰে। উল্লেখ্য যে পৰিদৰ্শন কালত বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰাণী তহবিলদাৰ, মিডিয়া আহ্বায়িকা অসমী বৰা, ৰাজ্যিক সদস্য ক্ৰমে অনুৰাগ চলিহা আৰু হৃষিকেশ কলিতাৰ লগতে স্থানীয় কৃষক ৰাইজে তেওঁক সংগ দিয়ে।

You might also like