নগাঁও জিলা আইন সেৱা প্রাধিকৰণত চাকৰি
নগাঁও জিলা আইন সেৱা প্রাধিকৰণত খালী হোৱা ফ্রণ্ট অফিচ কো–র্ডিনেটৰৰ পদ পূৰণৰ বাবে প্রস্তুতি চলিছে৷ সাক্ষাৎকাৰৰ মাধ্যমেৰে খালী পদটো পূৰ কৰা হ’ব৷ এই বিষয়ে নগাঁও জিলা–সত্র ন্যায়াধীশৰ অধ্যক্ষ আৰু জিলা আইন সেৱা প্রাধিকৰণ বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱাৰ উপৰি এম এছ অফিচ, ইণ্টাৰনেট আৰু ই–মেইল পৰিচালনাত দক্ষ হ’ব লাগিব৷ বয়স ১ ফেব্রুৱাৰী ২০২০লৈ ১৮–৪৩ বছৰ৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ২০ হাজাৰ টকা৷ সাক্ষাৎকাৰ ২২ ফেব্রুৱাৰী ২০২০ তাৰিখে দিনৰ ১০.০০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ পূর্বে ৯.০০ বজাত প্রার্থীসকলে নিজৰ নাম পঞ্জীয়নভুক্ত কৰাটো বাধ্যতামূলক৷ সাক্ষাৎকাৰৰ স্থান–Office of The Secretary, District Legal Services Authority, Nagaon৷ বিজ্ঞাপনৰ বিশদ তথ্যৰ বাবে ৱেবছাইটwww.nagaonjudiciary.gov.in চাব পাৰে৷