সীমান্ত সুৰক্ষা বাহিনীত ৪৩১ পদ
প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ত মুকলি হৈছে নিযুক্তি লাভৰ সুযোগ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিএছএফৰ নিযুক্তি বিভাগৰ কমাণ্ডেণ্টে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– এছআই–মাষ্টাৰ (৫), এছআই–ইঞ্জিন ড্রাইভাৰ (৯), এছআই–ৱর্কশ্বপ (৩), এইচচি–মাষ্টাৰ (৫৬), এইচচি–ইঞ্জিন ড্রাইভাৰ (৬৮), মেকানিক–ডিজেল/পেট্রোল ইঞ্জিন (৭), ইলেক্ট্রিচিয়ান (২), এচি টেকনিচিয়ান (২), ইলেক্ট্রনিক্স (১), মেচিনিষ্টি (১), কার্পেণ্টাৰ (১), প্লাম্বাৰ (২) আৰু চিটি–ক্রিউ (১৬০)৷ প্রার্থী দশম/দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা আৰু কেন্দ্রীয় অথবা ৰাজ্যিক আভ্যন্তৰীণ জল পৰিবহণ প্রাধিকৰণৰ দ্বাৰা মাষ্টাৰ/ইঞ্জিন ড্রাইভাৰ/মেৰাইন/ছেৰাং/ টেকনিকেল/ইলেক্ট্রনিক্স/প্লাম্বিঙৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ৩৫,৪০০–১,১২,৪০০ টকা, ২৫,৫০০–৮১,১০০ টকা আৰু ২১,৭০০–৬৯,১০০ টকা৷ উপৰিউক্ত পদসমূহ বাহিনীটোৰ ৱাটাৰ উইং বিভাগত পূৰণ কৰা হ’ব৷ আনহাতে এয়াৰ উইং বিভাগৰ পদসমূহ হৈছে– ছিনিয়ৰ এয়াৰ ক্রাফট মেকানিক (১৯), ছিনিয়ৰ ৰেডি’ মেকানিক (৫), জুনিয়ৰ এয়াৰ ক্রাফট মেকানিক (১৭), এছিছটেণ্ট এয়াৰ ক্রাফট মেকানিক (১৭), এছিছটেণ্ট এয়াৰ ক্রাফট ৰেডি’ মেকানিক (১), ছিনিয়ৰ ফ্লাইট গানাৰ (৫), জুনিয়ৰ ফ্লাইট গানাৰ (৮), ছিনিয়ৰ ফ্লাইট ইঞ্জিনীয়াৰ (২), জুনিয়ৰ ফ্লাইট ইঞ্জিনীয়াৰ (৭), ইন্সপেক্টৰ/ষ্টোৰমেন (২), ছাব ইন্সপেক্টৰ (৫), এইচচি (১) আৰু কনিষ্টবল–মেইণ্টেনে (২৫)৷ বয়স ২০–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীয়ে চৰকাৰী বিধিগত ৰেহাই পাব৷ আবেদন মাচুল হিচাপে ডিমাণ্ড ড্রাফট অথবা পোষ্টেল অর্ডাৰযোগে ২০০ টকা এছআই–মাষ্টাৰ/ৱর্কশ্বপ/ইঞ্জিন ড্রাইভাৰ পদৰ বাবে আৰু ১০০ টকা অন্যান্য পদবোৰৰ বাবে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছচি, এছটি, সীমান্ত সুৰক্ষা বাহিনী আৰু প্রাক্তন কর্মচাৰী পদৰ প্রার্থীয়ে এই মাচুল দিব নালাগে৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.bsf.nic.in & www.bsf.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম দিন ৩১ মার্চ ২০২০৷