নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ আর্মড ফ’র্চেছ ট্রিবুনেলত(Armed Forces Tribunal) খালী হৈছে ভিন্ন বর্গৰ ১০৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিArmed Forces Tribunal, Principal Benchৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Financial Adviser & Chief Accounts Officer (1), Registrar (5), Joint Registrar (2), Dy. Registrar (6), Deputy Controller of Accounts (1), Principal Private Secretary (18), Assistant Registrar (1), Private Secretary (8), Section Officer/Tribunal Officer (15), Assistant (9), Tribunal Master/Stenographer (22), Junior Accounts Officer (9) আৰ Upper Divion Clerk (12)৷ উক্ত খালী পদসমূহArmed Forces Tribunal, Principal Bench, New Delhi আৰ Regional BenchৰChandigarh, Chennai, Guwahati, Jabalpur, Jaipur, Kolkata, Kochi, Lucknow, Mumbai আৰুJammuস্থিত বিভাগীয় কার্যালয়ত পূৰণ কৰা হ’ব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বাছনি প্রক্রিয়া, অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈArmed Forces Tribunalৰ ৱেবছাইটhttp://aftdelhi.nic.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo, The Principal Registrar, Armed Forces Tribunal, Principal Bench, West Block – VIII, Sector-I, R.K.Puram, New Delhi – 110066 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০২০৷