নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ বি আইত ৮৫০০ চাকৰি

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ  দেশৰ ৰাজহুৱা খণ্ডৰ অগ্রণী বিত্তীয় প্রতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়া অর্থাৎ এছ বি আইত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছ বি আইৰ কেন্দ্রীয় নিযুক্তি আৰু পদোন্নতি বিভাগৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে ৰাষ্ট্রীয় সংবাদ পত্র আৰু বিভাগীয় ৱেবছাইটত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, শিক্ষানবিচৰ মুঠ খালী পদ ৮৫০০ৰ ভিতৰত অসমত ৯০টা পদ পূৰণ কৰা হ’ব৷ অসমত পদসমূহ বৰপেটা (৫), বঙাইগাঁও (৫), কাছাৰ (৪), দৰং (৪), ধেমাজি (৪), ধুবুৰী (৫), ডিব্রুগড় (৪), গোৱালপাৰা (৪), গোলাঘাট (২), হাইলাকান্দি (৪), যোৰহাট (৩), কামৰূপ (গ্রাম্য) (৪), কার্বি আংলং (৪), কৰিমগঞ্জ (৪), কোকৰাঝাৰ (৫), লখিমপুৰ (৪), মৰিগাঁও (৩), নগাঁও (৫), নলবাৰী (৫), উত্তৰ কাছাৰ পার্বত্য জিলা (৪), শিৱসাগৰ (৩), শোণিতপুৰ (৩)আৰু তিনিচুকীয়া (৩) জিলাত পূৰণ কৰা হ’ব৷ ইয়াৰে ৬টা এছ চিৰ, ১০টা এছ টিৰ, ২৪টা অ’বিচিৰ, ৪১টা সাধাৰণ শ্রেণীৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে ৯টা পদ আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ মুঠ পদৰ ভিতৰত সাধাৰণ শ্রেণীৰ প্রার্থীৰ বাবে ৩৫৯৫টা, এছ চিৰ ১৩৮৮টা, এছ টিৰ ৭২৫টা, অ’বিচিৰ ১৯৪৮টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৮৪৪টা পদ সংৰক্ষিত থাকিব৷ উক্ত খালী পদসমূহ অসমকে ধৰি গুজৰাট (৪৮০), অন্ধ্রপ্রদেশ (৬২০), কর্ণাটক (৬০০), মধ্যপ্রদেশ (৪৩০), ছত্তীশগড় (৯০), পশ্চিমবংগ (৪৮০), ওড়িশা (৪০০), হিমাচল প্রদেশ (১৩০), হাৰিয়ানা (১৬২), পঞ্জাব (২৬০), তামিলনাডু (৪৭০), পণ্ডিচেৰী (৬), দিল্লী (৭), উত্তৰাখণ্ড (২৬৯), তেলেংগানা (৪৬০), ৰাজস্থান (৭২০), কেৰালা (১৪১), উত্তৰ প্রদেশ (১২০৬), মহাৰাষ্ট্র (৬৪৪), অৰুণাচল প্রদেশ (২৫), মণিপুৰ (১২), মেঘালয় (৪০), মিজোৰাম (১৮), নাগালেণ্ড (৩৫), ত্রিপুৰা (৩০), বিহাৰ (৪৭৫) আৰু ঝাৰখণ্ডত (২০০) পূৰণ কৰা হ’ব৷ আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ প্রার্থী ৩ বছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ নিযুক্তিপ্রাপ্তই প্রথম বছৰত মাহে ১৫,০০০ টকা, দ্বিতীয় বছৰত মাহে ১৬,৫০০ টকা আৰু তৃতীয় বছৰত মাহে ১৯,০০০ টকা লাভ কৰিব৷ আবেদনকাৰীৰ বয়স ৩১ অক্টোবৰ, ২০২০লৈ ২০–২৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা অনলাইন মাধ্যমেৰে এছ বি আইৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.sbi.co.in/careers, https://nsdcindia.org/apprenticeship, https://apprenticeshipindia.org, http://bfsissc.com, https://bank.sbi/careers লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ, ২০২০৷

You might also like