নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফৰ শাসনত ধনী হৈছে হাগ্রামাৰ ঘনিষ্ঠ

একালৰ ঘনিষ্ঠ মহিলাৰীক সংবাদ মেল পাতি চোকা সমালোচনা বিশ্বজিৎ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ‘বিটিচি নির্বাচনত বিজেপিয়েই জয়লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব৷ কোকৰাঝাৰত বিজেপিৰ সকলো প্রার্থীয়ে জিকিব৷’ –এই মন্তব্য বি পি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীৰ৷ আজি কোকৰাঝাৰ চহৰস্থিত বিজেপিৰ জিলা কার্যালয়ত আয়োজিত এখন সংবাদ মেলত দৈমাৰীয়ে কয়– আমি জনসাধাৰণৰ যিখিনি আৱেগ দেখা পাইছেছা, তাৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচনৰ ছবিখন অহা পাঁচ দিনত সলনি হৈ যাব৷ নির্বাচনত অৱতীর্ণ হোৱা প্রার্থীসকলৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা হ’ব যদিও বিকল্পৰ সন্ধানত থকা বি টি আৰৰ জনসাধাৰণে সমস্যাসমূহৰ বিজেপিয়ে সমাধান সূত্র উলিয়াব বুলি বিশ্বাস কৰিছে৷ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কোৱাৰ লগে লগে বিটিচিবাসীয়ে সন্ধান কৰি থকা বিকল্প শক্তিটো পাইছে৷ তেওঁ লগতে কয় যে বি পি এফৰ শাসন কালছোৱাত পৰিষদীয় অঞ্চলটোৰ বাসিন্দাসকলে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আৰু সা–সুবিধাৰ পৰা বঞ্চিত হৈছে বুলি অনুভৱ কৰিছে৷ তাৰ বাবেই বিজেপিক আঁকোৱালি লৈছে৷ একালত বি পি এফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীৰ ঘনিষ্ঠ তথা বি পি এফ দলৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কার্যনির্বাহ কৰা দৈমাৰীয়ে বি পি এফ দলক ক্ষুৰধাৰ সমালোচনা কৰি বিগত ১৭ বছৰে বি পি এফ দলে জনসাধাৰণৰ সৈতে সম্পর্ক থকা কোনো ধৰণৰ পৰিকল্পনা গ্রহণ কৰা নাই বুলি মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে ৰাইজৰ উন্নয়নৰ বাবে যেনে ধৰণৰ আঁচনি প্রস্তুত কৰিব লাগিছিল, তেনেধৰণৰ কোনো আঁচনি প্রস্তুত কৰি উলিয়াব নোবাৰিলে৷ এহেজাৰ কোটি টকাৰ পেকেজ পাইছে৷ ঠিকাদাৰ মাতিছে৷ দহ কোটি, পঞ্চাশ কোটি টকীয়া আঁচনি আনিব দিছে৷ এক হাজাৰ কোটি টকাৰে বিটিচিৰ প্রতিখন গাঁৱত বহুখিনি উন্নয়নমূলক কাম–কাজ কৰিব পৰা গ’লহেঁতেন৷ ২০১৬ চনত কেন্দ্রৰ পৰা চাৰিশ একৈশ কোটি টকাৰ আর্থিক সাহায্য লাভ কৰিছিল যদিও ব্যৱহাৰিক প্রমাণ–পত্র (ইউ চি) প্রদান কৰিব নোৱাৰাত ২০১৬ চনৰ পৰা ২০১৯ চনলৈ বিটিচিৰ পৰিষদীয় চৰকাৰে কেন্দ্রৰ পৰা আর্থিক সাহায্যৰ পৰা বঞ্চিত হৈ আছে৷ ৰাইজৰ উন্নয়নৰ নামত অহা উক্ত বৃহৎ পৰিমাণৰ ধনৰাশি বিটিচিৰ শাসক গোষ্ঠীয়ে নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰাত নানা ধৰণৰ খেলিমেলি সৃষ্টি হৈছে৷ বি পি এফৰ শাসন কালছোৱাত হাগ্রামা মহিলাৰীৰ সোঁৱে–বাঁৱে থকা ঠিকাদাৰ আৰু অনুগামীসকলৰ অট্টালিকা, মাটি–বাৰী হৈছে যদিও বি টি আৰৰ সর্বসাধাৰণ ৰাইজৰ অৱস্থাৰ কোনো পৰিৱর্তন নহ’ল৷ বিজেপিয়ে বিটিচিত দৈমাৰীক মুখ্য কার্যবাহী হিচাপে প্রক্ষেপ কৰিব বুলি আশা কৰিয়েই বি পি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰা দৈমাৰীৰ সপোন পূৰণ নহ’ব বুলি বি পি এফ দলৰ কেইবাগৰাকীও শীর্ষ নেতাই প্রদান কৰা ভাষ্যৰ ওপৰত প্রতিক্রিয়া জানিব বিচৰাত দৈমাৰীয়ে কয় যে দলে যি দায়িত্ব ন্যস্ত কৰে, সেয়া আন্তৰিকতাৰে গ্রহণ কৰিব৷ অকল মুখ্য কার্যবাহী কিয়, বিজেপিৰ সাধাৰণ কর্মী হিচাপেও কাম কৰি যাবলৈ প্রস্তুত আছে বুলি কয় দৈমাৰীয়ে৷ বি পি এফৰ উপ–সভানেত্রী তথা ৰাজ্যৰ সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই বিশ্বজিৎ দৈমাৰীৰ ওপৰতো তদন্ত হ’ব লাগে, মানুহ–গাডী পঠিয়াই বি পি এফৰ কর্মীসকলৰ ওপৰত হাৰাশাস্তি কৰিছে বুলি অনা অভিযোগৰ প্রসংগ উনুকিয়াই দিয়াত তেওঁ কয়– মোৰ ওপৰত যদি কিবা তদন্ত কৰিব লাগে, কোনো বাধা নাই৷ তদন্ত কৰিব পাৰে৷ সেইদৰে বডো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ লগতে বিশ্বনাথ আৰু শোণিতপুৰ জিলাবাসী বডোসকলৰ মাজত বিভ্রান্তি সৃষ্টি কৰাৰ বাবে বি পি এফ দলক বিটিচিৰ বহির্ভূত বডো ৰাইজে প্রত্যাখ্যান কৰি বিজেপিক আঁকোৱালি লৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইফালে কাইলৈ অর্থাৎ ২৭ নৱেম্বৰত অসমৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কোকৰাঝাৰত বিটিচি নির্বাচনৰ বাবে বিজেপিৰ নির্বাচনী ইস্তাহাৰ উন্মোচন কৰাৰ লগতে দোতমাৰ এখন নির্বাচনী প্রচাৰ সভাতো অংশগ্রহণ কৰিব বুলি দলীয় সূত্রই জানিবলৈ দিছে৷

You might also like