নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক অৱ ইণ্ডিয়াত ২১৪ পদ খালী, অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ দেশৰ এক আগশাৰীৰ বিত্তীয় প্রতিষ্ঠান বেংক অৱ ইণ্ডিয়াত খালী হৈছে বিষয়াৰ ২১৪ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিত্তীয় প্রতিষ্ঠানটোৰ মুম্বাইস্থিত মানৱ সম্পদ বিভাগৰ বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ইক’ন’মিষ্ট (৪), ষ্টেটিছটিচিয়ান (২), ৰিস্ক মেনেজাৰ (৯), ক্রেডিট এনালিষ্ট (১৩৯), আই টি–ফিনটেক্/ডাটা ছাইনটিষ্ট/ ডাটা এনালিষ্ট, ইনফৰমেচন ছিকিউৰিটী (৫০) আৰু টেক্নিকেল এপ্রাইজেল (১০)৷

উল্লিখিত পদসমূহ জুনিয়ৰ মেনেজমেণ্ট গ্রেড স্কেল–১, মিডিল মেনেজমেণ্ট গ্রেড স্কেল–২, মিডিল মেনেজমেণ্ট গ্রেড স্কেল–৩ আৰু ছিনিয়ৰ মেনেজমেণ্ট গ্রেড স্কেল–৪৷ জুনিয়ৰ মেনেজমেণ্ট গ্রেড স্কেল–১ৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ২৩,৭০০–৯৮০/৭/৩০,৫৬০–১১৪৫/২–৩২,৮৫০–১৩১০/৭–৪২,০২০ টকা৷

মিডিল মেনেজমেণ্ট গ্রেড স্কেল–২ৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৩১,৭০৫–১১৪৫/১–৩২,৮৫০–১৩১০/১০–৪৫৯৫০ টকা৷ মিডিল মেনেজমেণ্ট গ্রেড স্কেল–৩ৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৪২,০২০–১৩১০/৫–৪৮,৫৭০–১৪৬০/২–৫১,৪৯০ টকা আৰু ছিনিয়ৰ মেনেজমেণ্ট গ্রেড স্কেল–৪ৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৫০০৩০–১৪৬০/৪–৫৫,৮৭০–১৬৫০/২–৫৯১৭০ টকা৷

আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হোৱাটো বাধ্যতামূলক৷ বয়স ১ ছেপ্ঢেম্বৰ, ২০২০লৈ ২০–৩০ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি, এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ১৭৫ টকা আৰু সাধাৰণ শ্রেণীৰ প্রার্থীয়ে ৮৫০ টকা বেংক অৱ ইণ্ডিয়াৰ হকে অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলী আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.bankofindia.co.in ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্ঢেম্বৰ, ২০২০৷

You might also like