নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউছফেড কমপ্লেক্সত ২ পদ খালী, সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব ২৭ ছেপ্টেম্বৰত

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ আছাম ষ্টেট কো–পাৰেটিভ হাউছিং ফেডাৰেচন লিমিটেড অর্থাৎ হাউছফেড কমপ্লেক্সত অচিৰেই দুই পদত যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷ ইতিমধ্যে এই বিষয়ে হাউছফেডৰ পৰিচালন সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ দুটাৰ ভিতৰত এটা– ল’ৱাৰ ডিভিজন এছিছটেণ্ট ১ ঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰৰ প্রমাণ–পত্র/ডিপ্ল’মাধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ন্যুনতম এবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ সাক্ষাৎকাৰ ২৬  ছেপ্টেম্বৰ, ২০২০ত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ আনহাতে, জুনিয়ৰ ইঞ্জিনীয়াৰ–ইলেক্ট্রিক১ ঃ

প্রার্থী ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিঙত ডিপ্ল’মাধাৰী হোৱাৰ লগতে সংশ্লিষ্ট খণ্ডত দুবছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ সাক্ষাৎকাৰ ২৭ ছেপ্ঢেম্বৰ, ২০২০ তাৰিখে দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ পূর্বে নিজৰ নাম পঞ্জীয়ন পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১১ বজাৰ ভিতৰত কৰিব লাগিব৷ সাক্ষাৎকাৰৰ স্থান–Housefed Office, 4th floor, West End Building, Housefed Complex, Dispur, Guwahati- 781006৷

You might also like