স্বাস্থ্যসেৱা সঞ্চালকালয়ত ৮১৩ চাকৰি
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ত খালী হৈছে ৮১৩ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা অনলাইন আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি উক্ত খালী পদসমূহ ১০খন জিলা চিকিৎসালয় আৰু ৩খন মহকুমা চিকিৎসালয়ত পূৰণ কৰা হ’ব৷ (অচিৰেই প্রতিষ্ঠা হ’বলগীয়া) পশ্চিম কার্বি আংলং, দক্ষিণ শালমাৰা–মানকাচৰ, মাজুলী, চৰাইদেউ, হোজাই আৰু বিশ্বনাথ চাৰিআলিত পূৰণ কৰা হ’ব৷ খালী পদসমূহৰ ভিতৰত আছে– হেল্থ এডুকেটৰ (৫৬), একাউণ্টটেণ্ট–ফাইনেন্স্ (১৩), ষ্টেটিছটিকেল এছিছটেণ্ট (৬), একাউণ্ট এছিছটেণ্ট কাম কেচিয়াৰ (৯), জুনিয়ৰ এছিছটেণ্ট–এল ডি এ (৬০), ষ্টেটিছটিকেল ক্লার্ক (৬), ষ্টোৰ কীপাৰ (৯), ফার্মাচিষ্ট (৫৫), ষ্টাফ নার্ছ (৪৯৮), লেবৰেটৰী টেকনিচিয়ান (৭৭), ব্লাড বেংক টেকনিচিয়ান (১১) আৰু ড্রেচাৰাৰ (১৫) পদ৷ উল্লিখিত পদ অনুযায়ী দৰমহাৰ নিৰিখ ১৪,০০০–৬০,৫০০ টকাসহ ৭,৪০০/ ৭,৪০০/৬,৮০০/৬,২০০/৬,২০০/৬,২০০/৫,৬০০/ ৭,৪০০/৬,৮০০/৬,২০০/৬,২০০/৫,০০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷
প্রার্থীৰ বয়স ১৮–৪০ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.dhs.assam.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিল প্রক্রিয়া ১০ ছেপ্ঢেম্বৰৰ পৰা ২৪ ছেপ্ঢেম্বৰ ২০২০লৈ অব্যাহত থাকিব৷