প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় নৌ বাহিনীত(Indian Navy) ৫০ পদত অবিবাহিত পুৰুষ প্রার্থী নিয়োগৰ যো–জা চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক বিস্তৃত নিয়োগ বিজ্ঞাপন ডিএভিপিৰ জৰিয়তে প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, মুঠ পদ ৫০টাৰ ভিতৰত General Service (Executive)-GS-Xত ৪৭টা পদ পূৰণ কৰাৰ বিপৰীতে বাকী ৩টা পদHydro Cadre বিভাগত পূৰণ কৰা হ’ব৷ আবেদনকাৰীৰ জন্ম ১ জানুৱাৰী, ১৯৯৭ আৰু ১ জুলাই, ২০০২ৰ ভিতৰত হোৱা হ’ব লাগিব৷ প্রার্থী গড়ে ৬০ শতাংশ নম্বৰেৰেB.E./B.Tech. উত্তীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই নৌসেনা বাহিনীৰ বিধিগত নিয়ম অনুসৰি মাহিলি পাৰিতোষিক লাভ কৰিব৷
আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্য, পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট https://www.joinindiannavy.gov.in/en/account/account/statehttp://& www.davp.nic.in/WriteReadData/ADS/eng_10701_3_2122b.pdf লগ–ইন কৰিব পাৰে৷
আবেদন দাখিল প্রক্রিয়া ১২ জুনৰ পৰা ২৬ জুন, ২০২১লৈ অব্যাহত থাকিব৷ পদকেইটাIndian Naval Academy (INA), Ezhimala, Keralaত পূৰণ কৰা হ’ব৷