নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্ৰ’ ব্লগিং প্লেটফৰ্ম Kooত অসমীয়া ভাষা ব্যৱহাৰৰ সুবিধা

নিয়মীয়া বাৰ্তা ১৬ জুনঃ  মাইক্ৰ’ ব্লগিং প্লেটফৰ্ম Kooত অসমীয়া ভাষা ব্যৱহাৰৰ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাত প্ৰথমটো প’ষ্ট কৰিলে ছচিয়েল মিডিয়া প্লেটফৰ্ম Kooত। এতিয়াৰে পৰা ছচিয়েল মিডিয়াত মাতৃভাষাত মতামত প্ৰকাশৰ সুযোগ পাব অসমীয়াই।

Kooত অসমীয়া ভাষা ব্যৱহাৰৰ সুবিধাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় এই সুবিধাৰ জৰিয়তে অসমীয়া লোকসকলে মাতৃভাষাত তেওঁলোকৰ মতামত আৰু চিন্তা প্ৰকাশ কৰাত সুযোগ পাব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘কু’ত লিখে- “মই যোগদান কৰাৰ পিছতে কু এপ্ অসমীয়া ভাষাত উপলব্ধ হোৱাত নথৈ আনন্দিত হৈছোঁ।
ইয়াৰ যোগেদি এই এপটোৱে অসমৰ জনতাক মাতৃভাষাত নিজৰ মতামত ব্যক্ত কৰাৰ সুযোগ প্ৰদান কৰিলে। সকলোৰে সৈতে ইয়াত ভাৱৰ আদান প্ৰদান কৰিবলৈ আগ্ৰহেৰে বাট চাই ৰ‘লো। মোৰ ব্যক্তিগত মতামত, বিভিন্ন ঘোষণাৰ লগতে অন্যান্য বহু তথ্য এই প্লেটফর্মত সদৰি কৰি যাম।

ভাৰতীয় ছচিয়েল মিডিয়া প্লেটফর্ম ‘কু‘-ক ভৱিষ্যতৰ উদ্যমসমূহৰ বাবে আন্তৰিক শুভকামনা জনালোঁ।”

You might also like