নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি কল্যাণ মন্ত্রালয়ত ২৬০ পদ খালী

বিশেষ বাৰ্তা, ২৮ জুনঃ খাদ্য আৰু কৃষি বিজ্ঞান শাখাত পিএইচডি কৰা লোকসকলক চাকৰিৰ সুযোগ দিছে কৃষি আৰু কৃষি কল্যাণ মন্ত্রালয়ে৷ সম্প্রতি মন্ত্রালয়ৰ ‘এগ্রিকালচাৰেল ছাইণ্টিফিক ৰিক্ৰুইটমেণ্ট ব’ৰ্ড’ৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে নিয়োগৰ বিজ্ঞপ্তি৷ সেই অনুসৰি ২০২৩ৰ এগ্রিকালচাৰেল ৰিছার্চ ছার্ভিচ পৰীক্ষাৰ জৰিয়তে ২৬০টা পদত প্রার্থী নিয়োগ কৰা হ’ব৷ উদ্ভিদ বিদ্যা, পৰিৱেশ বিজ্ঞান, খাদ্য কাৰিকৰী, মাইক্র’বায়’লজী, এগ্রিকালচাৰ এণ্ট’ম’লইটি, ছইল ছায়েঞ্চ এণ্ড এগ্রিকালচাৰ কেমেষ্ট্রী, জেনেটিক এণ্ড প্লেণ্ট ব্রিডিং, ছীড ছায়েঞ্চ এণ্ড টেকন’লজী, এনিমেল জেনেটিক্স, এনিমেল ৰিপ্রডাকচন গায়ন’ক’লজী এণ্ড অবষ্টেট্রিকস, ডায়েৰী কেমেষ্ট্রী, পলিট্রী ছায়েঞ্চ, ভেটেৰিনাৰী মেডিচিন, একুৱা কালচাৰ, বায়’ন’ফৰমেটিক্স, টেক্সটাইল টেকন’লজী, ইলেক্ট্রনিক ইঞ্জিনীয়াৰিঙৰ এইসকলো বিষয়ত যিসকল প্রার্থীয়ে ২০২৩ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত পিএইচডি সম্পূর্ণ কৰিছে, তেওঁলোকে এই পৰীক্ষাত বহিব পাৰিব৷ অহা ৫ জুলাইৰ পৰা আৰম্ভ হ’ব এগ্রিকালচাৰেল ৰিছার্চ ছার্ভিচ পৰীক্ষাৰ আবেদন সংগ্রহৰ প’র্টেল ২০২৩ৰ অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত এই পৰীক্ষা হ’ব৷ নির্ধাৰিত দিন পৰৱর্তী সময়ত ব’ৰ্ডৰ ফালৰ পৰা ঘোষণা কৰা হ’ব৷ লিখিত পৰীক্ষাত সকলো আবেদনকাৰী প্রার্থী বহিব লাগিব৷ সেই পৰীক্ষাত উত্তীর্ণ হ’লে সাক্ষাৎ সম্পন্ন হ’ব৷ নিয়োগৰ ক্ষেত্রত প্রার্থীসকলৰ গৱেষণা–পত্রয়ো বিশেষ ভূমিকা গ্রহণ কৰিব৷ ইয়াৰ লগতে প্রার্থীসকলে ইয়াৰ পূর্বে কেইবাৰ এই পৰীক্ষাত বহিছে সেয়াও চাব লাগিব৷ যদিহে ইতিমধ্যে ছয়বাৰ পৰীক্ষাত অৱতীর্ণ হৈছে, তেনে প্রার্থীৰ আবেদন গৃহীত নহয়৷ অৱশ্যে বিশেষ ক্ষেত্রত কিছুমান শ্রেণীৰ প্রার্থীৰ ক্ষেত্রত এই নিষেধাজ্ঞা প্রযোজ্য নহ’ব৷ বিজ্ঞানী পদত ৫৭ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ১.৮২ হাজাৰ টকা দৰমহা হিচাপে নির্ধাৰণ কৰা হৈছে৷ সম্পূর্ণ বিষয় তালিকা, পৰীক্ষাৰ চর্তাৱলী, আবেদনৰ নিয়মাৱলী ইত্যাদি বিষয়ে বিস্তাৰিতভাৱে জানিবলৈ আগ্রহী প্রার্থীসকলে এগ্রিকালচাৰেল ছাইণ্টিফিক ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ বিজ্ঞাপন চাব পাৰে৷

You might also like