অৰুণাচল সীমান্তত সংঘর্ষৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ
নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ অসম–অৰুণাচল সীমান্তৱর্তী অঞ্চলৰ মংলুং আৰু খণ্ডে বস্তিৰ সমীপত ভাৰতীয় সেনা আৰু আলফাৰ মাজত সংঘটিত গুলীয়াগুলীৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাধীন)–এ ৷ সংবাদ মাধ্যমলৈ আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ জয় অসমে প্রেৰণ কৰা এক বিবৃতিত এই কথা স্বীকাৰ কৰাৰ লগতে উল্লেখ কৰিছে যে আলফাৰ সৈতে হোৱা এই মুখামুখি সংঘর্ষত ভাৰতীয় সেনাৰ ৯ নং ৰাজপুতনা ৰেজিমেণ্টৰ চাৰিজনকৈ সেনা গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আলফাৰ এজনো সৈনিক হতাহত হোৱা নাই৷
উল্লেখ্য যে শনিবাৰে তিনিচুকীয়া জিলাৰ অসম–অৰুণাচল সীমান্তত আলফা–সেনাৰ মুখামুখি সংঘর্ষত সেনাৰ চাৰিজনকৈ জোৱান আহত হৈছিল৷ এই সংঘর্ষত আলফা (স্বাধীন)–এ ৰকেট লাঞ্চাৰ ব্যৱহাৰ কৰিছিল৷