নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘একমাত্র বাঙালীৰে আছে মস্তিষ্ক, পঞ্জাবী–জাট নির্বোধ’- বিতর্কিত মন্তব্য কৰি বিপ্লৱ দেবৰ বিপদ

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ পুনৰ বিতর্কিত মন্তব্য কৰি সংবাদ শিৰোনামত ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেব৷ বিতর্কিত মন্তব্য কৰি ইমান দিন সাৰি গ’লেও এতিয়া বিপ্লৱ দেবৰ বাবে আহিব বিপদ৷ বিজেপিৰ হাইকমাণ্ডৰ বাবেই ত্রিপুৰাৰ মুখ্যমন্ত্রীজন এতিয়া মূৰৰ কামোৰণিৰ কাৰণ হৈ পৰিছে৷ বিপ্লৱ দেবৰ মতে, একমাত্র বাঙালীৰে আছে মস্তিষ্ক তথা বুদ্ধিমত্তা৷ পঞ্জাবী, হৰিয়ানাৰ জাঠসকলৰ আছে কেৱল শাৰীৰিক গঠন আৰু শক্তি৷ পঞ্জাবীৰ বুদ্ধিমত্তা বুলি একো নাই, জাঠসকলৰ সীমিত বুদ্ধি আছে যদিও কেৱল শাৰীৰিকভাৱেহে তেওঁলোক সক্ষম৷ বুদ্ধি আৰু মূৰেৰে বাঙালীক হেনো কোনেও হৰুৱাব নোৱাৰে৷ দেওবাৰে আগৰতলাত ত্রিপুৰা ইলেক্ট্রনিক মিডিয়া ছ’চাইটীত প্রদান কৰা ভাষণ প্রসংগত বিপ্লৱ দেবে কৰা এই মন্তব্যক লৈ এতিয়া দেশৰ গো–বলয়ত বিশেষকৈ পঞ্জাব আৰু হৰিয়ানাত ক্ষোভৰ জুই জ্বলি থকা পৰিলক্ষিত হৈছে৷

আনকি নিজৰ শাসকীয় বিজেপি দলৰ ভিতৰছোৱাত দেবৰ এই মন্তব্যক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আকালি দলৰ ৰাষ্ট্রীয় মুখপাত্র তথা দিল্লীৰ প্রদেশ সভাপতি মঞ্জিত শিৰছাই পোনে পোনে ত্রিপুৰাৰ মুখ্যমন্ত্রী হিচাপে বিপ্লৱ দেবৱক অপসাৰণ কৰাৰ বাবে মিত্রদল বিজেপিৰ ওচৰত দাবী উত্থাপন কৰিছে৷ শিৰছাৰ মতে, বিপ্লৱ দেবে কৰা মন্তব্যই প্রমাণ কৰিছে এজন বাঙালী হিচাপে তেওঁৰ কিমান বুদ্ধি অথবা মস্তিষ্ক আছে৷ যদি বুদ্ধি কাৰোবাৰ কম আছে, তেনহ’লে একমাত্র বিপ্লৱ দেবৰহে কম আছে৷ তেওঁৰ এই মন্তব্য কেৱল নিন্দনীয় নহয়, ক্ষমাৰ অযোগ্য৷ ত্রিপুৰাৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰে শিৰছাই৷ দেশৰ স্বাধীনতা সংগ্রামত পঞ্জাবীসকলৰ অৱদান বিপ্লৱ দেবে পাহৰি গ’ল নেকি? তদুপৰি আৱিষ্কাৰৰ ক্ষেত্রত বিজ্ঞানী থমাছ আলভা এডিছনতকৈ যদি কাৰোবাৰ বেছি পেটেণ্ট আছে কোনো বস্তু আৱিষ্কাৰ কৰাৰ, তেনেহ’লে বিশ্বত সেইজন ব্যক্তি হৈছে গুৰতেজ সান্ধু, এগৰাকী পঞ্জাৱী৷

ইতিহাসৰ পাঠ ল’বলৈ দেবক আহ্বান জনাই তুৰন্তে মুখ্যমন্ত্রীৰ পদৰ পৰা ইস্তফা দিবলৈ শিৰছাই আজি দাবী কৰে৷ আনহাতে হৰিয়ানাৰ প্রাক্তন জাঠ মুখ্যমন্ত্রী ভূপিন্দৰ সিং হুদা আৰু তেওঁৰ সাংসদ পুত্র কংগ্রেছী নেতা দীপেন্দৰ সিং হুদায়ো বিপ্লৱ সিঙৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে৷ পঞ্জাবী আৰু জাঠ সম্প্রদায়ক লৈ বিপ্লৱ দেবে কৰা মন্তব্য বৰকৈ আপত্তিজনক বুলি মন্তব্য কৰি টুইটাৰত দীপেন্দৰ সিং হুদাই ত্রিপুৰাৰ মুখ্যমন্ত্রীজনক দুয়ো সম্প্রদায়ৰ লোকৰ ওচৰত নিচর্ত ক্ষমা বিচাৰিবলৈ দাবী কৰে৷ অন্যথা বিজেপিৰ মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ সকীয়নি দিয়ে যুৱ নেতাজনে৷ নিখিল ভাৰত জাঠ মহাসভায়ো ত্রিপুৰাৰ মুখ্যমন্ত্রীজনৰ বিৰুদ্ধে আজি আইনী ব্যৱস্থা গ্রহণৰ হুংকাৰ দিছে৷

ইপিনে, নিজৰ দলৰ ভিতৰতেই তীব্র ক্ষোভৰ সন্মুুখীন হৈছে দেব৷ হিন্দী তথা দেশৰ গো–বলয় হৈছে শাসকীয় বিজেপি দলৰ আত্মা৷ সেই গো–বলয়ত বিজেপিৰ এগৰাকী মুখ্যমন্ত্রী হিচাপে বুদ্ধিমত্তাক লৈ পঞ্জাবী কিম্বা জাঠ সম্প্রদায়ৰ বিৰুদ্ধে কৰা মন্তব্যক মুঠেই ভালদৰে ল’ব পৰা নাই বিজেপিৰ শীর্ষ ৰাষ্ট্রীয় নেতৃত্বই৷ দলৰ ৰাষ্ট্রীয় সম্পাদক আৰ পি সিঙে পোনে পোনে হাইকমাণ্ডৰ ওচৰত দেবৰ অপসাৰণৰ দাবী জনোৱা বুলি দলীয় সূত্রৰ পৰা জানিব পৰা গৈছে৷ অনুৰূপভাৱে হৰিয়ানাৰ বর্তমানৰ মুখ্যমন্ত্রী মনোহৰলাল খাট্টাৰেও দলৰ হাইকমাণ্ডৰ ওচৰত দেবে কৰা মন্তব্যত আপত্তি প্রকাশ কৰিছে৷ দেবৰ মন্তব্যই হৰিয়ানাত শাসকীয় বিজেপ দলত বিৰূপ প্রভাৱ পেলাব পাৰে বুলি খাট্টাৰে আশংকা ব্যক্ত কৰিছে৷ দলীয় সূত্রৰ পৰা জানিব পৰা মতে, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সমগ্র বিষয়টো গুৰুত্ব সহকাৰে লৈ ত্রিপুৰাৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনত বার্তালাপ কৰিছে৷ নিজৰ গাদী ৰক্ষাৰ বাবেই সম্ভৱতঃ ইয়াৰ পিছতেই দেবে ৰাজহুৱাকৈ দেওবাৰে কৰা মন্তব্যৰ বাবে ক্ষমা প্রার্থনা কৰিছে৷

টুইটাৰত তেওঁৰ বক্তব্য পঞ্জাবী আৰু জাঠ সম্প্রদায়ক লৈ একাংশ লোকে পোষণ কৰা ধাৰণা সন্দর্ভতো তেওঁ নিজৰ মত ব্যক্ত কৰিছিল৷ পিছে ইয়াৰ বাবে তেওঁ যদি তেওঁলোকৰ অভিমানত আঘাত হানিছে তাৰ বাবে তেওঁ ক্ষমাপ্রার্থী৷বাস্তৱত এটাৰ পিছত এটাকৈ বিতর্কিত মন্তব্য কৰি ইমান দিন সাৰি গ’লেও বিপ্লৱ দেবে এতিয়া বৰলৰ বাহত জুই দিছে৷ উল্লেখ্য যে কেৱল ৰাজনীতিৰ পথাৰতেই নহয়, সমাজৰ বিভিন্ন শ্রেণীৰ মানুহে এখন ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে বিপ্লৱ দেবে কৰা মন্তব্যক ধিক্কাৰ জনোৱা পৰিলক্ষিত হৈছে৷

You might also like