ক’ৰোনা আতংকঃ অৰুণাচল চৰকাৰে নিষিদ্ধ কৰিলে পৰ্যটকৰ প্ৰৱেশ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ ভাৰতত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাব লাগিছে ৷ শনিবাৰে নিশাৰ ভাগলৈ দেশত এই ভাইৰাছত আক্রান্তৰ সংখ্যা ৩৪জন হৈছিলগৈ যদিও দেওবাৰে ৪০জনলৈ বৃদ্ধি পালে ৷ চুবুৰীয়া ৰাষ্ট্র ভূটানত এজন আমেৰিকান নাগৰিকৰ শৰীৰত মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰাত উত্তৰ–পূর্বাঞ্চলত আতংকৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে ভূটানত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱা এইচ বি ছেমুৱেলে অসমত ১০ দিনকৈ কটাই গৈছিল ৷ ইয়াৰ পৰিপ্রেক্ষিতত অসম চৰকাৰে শনিবাৰে ৰাজ্যখনত হাই এলার্ট জাৰি কৰে ৷ ইফালে দেশখনত ক্রমাৎ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত অৰুণাচল চৰকাৰে ৰাজ্যখনত বিদেশী নাগৰিকৰ প্রৱেশ সাময়িকভাৱে নিষিদ্ধ ঘোষণা কৰিছে ৷ উল্লেখ্য যে চীনৰ সীমান্ত সংলগ্ন উত্তৰ–পূর্বাঞ্চলত বিদেশী লোকে প্রৱেশ কৰিবৰ বাবে ‘পি এ পি’ৰ প্রয়োজন হয় ৷ ৰাজ্যখনৰ মুখ্য সচিব নৰেশ কুমাৰে পি এ পি প্রদান কৰা সকলো কর্তৃপক্ষক পৰৱর্তী ঘোষণা নকৰালৈকে এই ব্যৱস্থা বন্ধ কৰিবলৈ নির্দেশ দিছে ৷ চৰকাৰী এক ঘোষণাত তেওঁ জনায় যে ক’ভিড–১৯ৰ (ন’ভেল ক’ৰোনা ভাইৰাছ) সংক্রমণৰ ঘটনা ভাৰতত চিনাক্ত কৰা হৈছে আৰু এই সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে ৷ এই কথাও জনাটো উচিত যে ভাৰতত ক’ৰোনা ভাইৰাছ সংক্রমণ বৃদ্ধি পাইছে মুখ্যতঃ যিসকল লোক বিদেশ ভ্রমণৰ পৰা ঘূৰি আহিছে অথবা বিদেশী পর্যটক দেশখনলৈ ভ্রমণৰ বাবে আহিছে ৷ উল্লেখ্য যে ছিকিমেও একেধৰণেৰে ৰাজ্যখনলৈ বিদেশী নাগৰিকৰ ভ্রমণ সাময়িকভাৱে নিষিদ্ধ ঘোষণা কৰিছে ৷ ভাৰতৰ চুবুৰীয়া ভূটানে শনিবাৰে দেশখনলৈ বিদেশী লোকক ভ্রমণৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷