নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত অধিক সেনা, আৰএএফ আৰু কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ জোৱান মোতায়েন

  •  মণিপুৰৰ হিংসাই স্পর্শ কৰিলে দেশৰ ৰাজধানী নতুন দিল্লীক
  • দিল্লী বিশ্ববিদ্যালয়ৰ নর্থ কেম্পাছত মেইটেই সম্প্রদায়ৰ লোকৰ আক্রমণ কুকি শিক্ষার্থীক

 

নিয়মীয়া বাৰ্তা, ৭ মে’: সান্ধ্য আইন চলি থকাৰ মাজতে পুনৰ হিংসাত্মক ঘটনাত অগ্ণিগর্ভ মণিপুৰ৷ অজনজাতি মেইটেইক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতাৰে জনজাতীয় সংগঠনে কৰা হিংসাত্মক প্রতিবাদত উত্তপ্ত হৈ আছে মণিপুৰ৷ সেনা আৰু অর্ধসামৰিক বাহিনীৰ ফ্লেগমার্চেৰে ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যদিও আজি পুনৰ হিংসা জর্জৰিত চূড়াচন্দ্রপুৰ জিলাত ক্ষুব্ধ জনতাক নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত চাৰিজন লোকৰ মৃত্যু হৈছে৷ ইপিনে, ৰাজধানী ইম্ফলতো আই আৰ এছ কৰ বিষয়া এজনক দুর্বৃত্তই হত্যা কৰিছে৷ মেইটেই সম্প্রদায় অধ্যুষিত চূড়াচন্দ্রপুৰ জিলাত আজি নিৰাপত্তা বাহিনীয়ে মেইটেই লোকক সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা কৰি থাকোঁতেই ক্ষুব্ধ জনজাতীয় লোকে বাধা প্রদান কৰে৷ নিৰাপত্তা বাহিনীয়ে এই বাধাক প্রতিহত কৰিবলৈ গুলীচালনা কৰাত চাৰিজন লোকৰ মৃত্যু হৈছে৷ আনহাতে, ইম্ফলত অচিনাক্ত লোকে লেটমিনথান হাওকিপ নামৰ আই আৰ এছ বিষয়া এজনক গুলীয়াই হত্যা কৰে৷ আজি পুনৰ হিংসাত্মক ঘটনাত পাঁচজন লোকৰ মৃত্যু ঘটাত ৰাজ্যখনত হিংসাত্মক কার্যকলাপত মৃতকৰ সংখ্যা ৫৪জনলৈ বৃদ্ধি পাইছে৷ ইপিনে, মণিপুৰৰ হিংসাত্মক ঘটনাই স্পর্শ কৰিছে দেশৰ ৰাজধানী নতুন দিল্লীক৷ মণিপুৰৰ ঘটনাৰ পিছত মেঘালয়ৰ ৰাজধানী শ্বিলঙত মেইটেই আৰু কুকি সম্প্রদায়ৰ শিক্ষার্থীৰ মাজত সংঘর্ষ হয়৷ এই ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই দেশৰ ৰাজধানী দিল্লী বিশ্ববিদ্যালয়ৰ নর্থ কেম্পাছত থকা কুকি শিক্ষার্থীৰ ওপৰত মেইটেই সম্প্রদায়ৰ দল এটাই আক্রমণ চলায়৷ মেইটেই সম্প্রদায়ৰ আক্রমণৰ বলি হোৱা কুকি সম্প্রদায়ৰ শিক্ষার্থীয়ে মৌৰিছ নগৰ আৰক্ষী থানাত এফ আই আৰ দাখিল কৰে যদিও আৰক্ষীয়ে এফ আই আৰ গ্রহণ নকৰাত আক্রমণৰ বলি হোৱা কুকি সম্প্রদায়ৰ শিক্ষার্থীসকলে আৰক্ষী থানাৰ বাহিৰত প্রতিবাদেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ আৰক্ষীয়ে এই প্রতিবাদৰ পিছতেই আক্রমণত জড়িত কেইবাজনো ছাত্রক আটক কৰে৷ উল্লেখ্য যে যোৱা ৩ মে’ত মেইটেই সম্প্রদায়ৰ লোকক মণিপুৰ উচ্চ ন্যায়ালয়ে জনজাতিৰ মর্যাদা প্রদান প্রক্রিয়া আগবঢ়াই নিব পাৰে বুলি ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক অনুমতি প্রদানৰ পিছতেই ৰাজ্যখনৰ জনজাতীয় ছাত্র সংগঠনে ইয়াৰ বিৰুদ্ধে প্রতিবাদী সমদল উলিয়ায়৷ চূড়াচন্দ্রপুৰ জিলাত জনজাতীয় সংগঠনৰ হিংসাত্মক প্রতিবাদে অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পিছতে সমগ্র ৰাজ্যখনতে এই হিংসাত্মক কার্যকলাপ বিয়পি পৰে৷ যান–বাহনৰ পৰা দোকান–পোহাৰ, প্রতিষ্ঠান আদি জ্বলাই দি মণিপুৰক অস্থিৰ কৰি তোলে৷ ৰাজ্য চৰকাৰে সমগ্র ৰাজ্যতে সান্ধ্য আইন জাৰি কৰি দেখা মাত্রকেই গুলীওৱাৰ নির্দেশ দিয়াৰ লগতে সেনা আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰে৷ সান্ধ্য আইন আৰু দেখা মাত্রকে গুলীওৱাৰ নির্দেশ দিয়াৰ পিছত সেনা আৰু অর্ধসামৰিক বাহিনীয়ে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ ব্যৱস্থা গ্রহণ কৰাৰ মাজতে আজি পুনৰ চূড়াচন্দ্রপুৰ জিলা অগ্ণিগর্ভ হৈ পৰে৷ হিংসাজর্জৰ অঞ্চলসমূহত অধিক সেনা, অর্ধসামৰিক বাহিনী, কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ লগতে আৰক্ষীৰ শীর্ষ বিষয়াৰ সৈতে বার্তালাপ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সেনা বিষয়াৰ সৈতেও পৰিস্থিতিক লৈ পর্যালোচনা চলায়৷ তাৎপর্যপূর্ণ যে মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতাৰে কুকি আৰু নাগা জনজাতি সম্প্রদায়ে অসন্তুষ্টি ব্যক্ত কৰি প্রতিবাদী সমদল উলিয়াই আছে৷ ইয়াৰ মাজতে একাংশ সশস্ত্র লোকে মেইটেই সম্প্রদায়ৰ লোকৰ ওপৰত আক্রমণ চলোৱাত দুয়ো ফৈদৰ মাজত ঠায়ে ঠায়ে সংঘর্ষ হয় আৰু ই সমগ্র ৰাজ্যতে বিয়পি পৰে৷ ৰাজ্য চৰকাৰে সান্ধ্য আইন দিয়াৰ লগতে পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰিছে৷

You might also like