নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানীক নিলম্বন

  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পাছতে নিলম্বন বিষয়াজনক

নিয়মীয়া বাৰ্তা, ৭ মে’: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অৱমাননা কৰাৰ অভিযোগত অসম চৰকাৰে কৃষি বিভাগৰ সঞ্চালক অনন্তলাল জ্ঞানীক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ উল্লেখ্য যে যোৱা ৪ মে’ত ন্যায়ালয়ক মিছা তথ্য প্রদান কৰা বাবে খর্গহস্ত হৈ পৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়৷ এক শুনানি গ্রহণ কৰি ন্যায়ালয়ে অসম চৰকাৰৰ মুখ্য সচিবক কৃষি বিভাগৰ সঞ্চালকজনক নিলম্বন কৰিবলৈ অথবা বিভাগীয় কামৰ পৰাই আঁতৰাই ৰখাৰ নির্দেশ দিছিল৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰিয়েই আই এ এছ বিষয়া অনন্তলাল জ্ঞানীক চাকৰিৰ পৰা নিলম্বন কৰে ৰাজ্য চৰকাৰে৷ মন কৰিবলগীয়া যে বিশ্ব বেংকৰ এটা পুঁজিৰ প্রকল্পৰ অধীনত সামগ্রী যোগানৰ নিবিদা আহ্বান কৰিছিল কৃষি বিভাগে৷ এই নিবিদাত অংশগ্রহণকাৰী প্রতিষ্ঠানৰ টার্ন’ভাৰ ৪ কোটি অথবা তাৰ অধিক হ’ব লাগিব বুলি চর্ত আৰোপ কৰিছিল৷ যাৰ বাবে বহু ঠিকাদাৰ নিবিদাৰ পৰা বঞ্চিত হৈছিল৷ বিষয়টো সন্দর্ভত উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে কৃষি বিভাগক নিবিদা গ্রহণৰ অনুমতি দিছিল যদিও চূড়ান্ত সিদ্ধান্ত নোহোৱা পর্যন্ত ঠিকাৰ আবণ্টনত স্থগিতাদেশ জাৰি কৰিছিল৷ কিন্তু ন্যায়ালয়ৰ এই স্থগিতাদেশ অমান্য কৰি সঞ্চালক অনন্তলাল জ্ঞানীয়ে যোৱা ৬ এপ্রিলত সামগ্রী যোগানৰ ঠিকাৰ কাম আবণ্টন দিয়ে৷ কৃষি সঞ্চালকজনৰ এই কামত অসন্তুষ্ট হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো সন্দর্ভত পুনৰ শুনানি গ্রহণ কৰি সঞ্চালকজনক ভর্ৎসনা কৰিছিল৷ যোৱা ৪ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সঞ্জয় কুমাৰ মেধিৰ বিচাৰপীঠে এক শুনানি গ্রহণ কৰি স্পষ্ট কৰিছিল যে অনন্তলাল জ্ঞানীয়ে ন্যায়ালয়ৰ নির্দেশক ভুল ব্যাখ্যা কৰাৰ বাবে ইয়াৰ বিৰুদ্ধে তদন্ত কৰা হওক৷ এই সময়ছোৱাত অনন্তলাল জ্ঞানীক অনতিপলমে নিলম্বন অথবা বদলি কৰিবলৈও ন্যায়ালয়ে মুখ্য সচিবক নির্দেশ দিছিল৷

You might also like