নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলমেট নিপিন্ধাকৈ বাইক চলাই চর্চাত নাগালেণ্ডৰ মন্ত্রী আলং

নিয়মীয়া বাৰ্তা, ২৫ মে’: খাদ্য সেৱন কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ চর্চাৰ মাজত থকা নাগালেণ্ডৰ মন্ত্রী টেমজেন ইমনা আলং এইবাৰ হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলাই চর্চাৰ মাজত সোমাই পৰিছে৷ কিছুদিন পূর্বে জনপ্রিয় চেফে কেৰম খেলি থকা ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি চর্চিত হোৱা মন্ত্রী আলঙে এইবাৰ হেলমেট নিপিন্ধাকৈ হার্লিডেভিডছন বাইক চলাই ফটো উঠিবলৈ হেলমেট নিপিন্ধা বুলি প্রচাৰ কৰিছে৷ তাক লৈ ছ’চিয়েল মিডিয়াত মন্ত্রীগৰাকী ককর্থনাৰ সন্মুখীন হৈছে৷ লক্ষণীয় যে বাইক চলোৱা মন্ত্রীৰ পাছফালে থকা আৰোহীজনেও হেলমেট পৰিধান কৰা নাই৷

You might also like