নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীয়ে উত্তৰ-পূব আৰু দিল্লীৰ মাজৰ মতানৈক্যৰ অন্ত পেলাইছে, অৰুণাচলত গৃহমন্ত্ৰী অমিত শ্বাহ

বিশেষ বাৰ্তা, ২১ মেঃ ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব আৰু দিল্লীৰ মাজত থকা মতানৈক্যৰ অন্ত পেলাইছে। উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যক দেশৰ আন প্ৰান্তৰ মানুহে নিজৰ ৰাজ্যৰ সমানে ভালপায় আৰু উত্তৰ-পূবেও নিজকে গৌৰৱেৰে মহান ভাৰতৰ অংশ বুলি কৈছে। আজি অৰুণাচল প্ৰদেশৰ টিৰাপত ৰামকৃষ্ণ মিছনৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে ভাষণ আগবঢ়াইছে। তেওঁ কয় যে আজিলৈ কোনো প্ৰধানমন্ত্ৰীয়ে আঠ বছৰৰ ভিতৰত উত্তৰ-পূবলৈ ৫০ বাৰ অহা নাই। কিন্তু মোদীয়ে ৫০ বাৰতকৈ বেছিকৈ উত্তৰ-পূবৰ বিভিন্ন ৰাজ্য লৈ আহিছে। উত্তৰ-পূব ভাষাৰ প্ৰতি কোনেও ইমান দিনে গুৰুত্ব দিয়া নাছিল, কিন্তু প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিছে। বড়োলেণ্ডৰ সমস্যা সমাধান হ’ল। অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত সীমান্ত সম্পৰ্কীয় ৬০% সমস্যা সমাধান হৈছে। স্বামী বিবেকানন্দৰ আধ্যাত্মিকতাৰ কথা সোঁৱৰণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰামকৃষ্ণ মিছন আশ্ৰম সমগ্ৰ দেশৰ বাবে আধ্যাত্মিক তথা সংস্কৃতিক চেতনা প্ৰাপ্তিৰ মুখ্য কেন্দ্ৰ।

You might also like