নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বডো ভাষাঃ চৰকাৰী ভাষাৰ স্বীকৃতি আৰু বিধানসভাত প্রচলনৰ প্রথমবর্ষপূর্তি

-ৰত্নেশ্বৰ বসুমতাৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি–এজিপি–ইউপিপিএ মিত্রজেজাট চৰকাৰৰ প্রথম বর্ষপূর্তি ১০ মে’ত পূর্ণ হ’ল৷ বিগত ২০২১ চনৰ ১০ মে’ত শপতগ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে এটা বছৰ সম্পূর্ণ কৰি দ্বিতীয় বর্ষত খোজ পেলালে৷ বডো শান্তি চুক্তিৰ পিছত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন আৰু প্রমোদ বডো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ বিৰাট সাফল্য হ’ল৷ শপতগ্রহণ কৰিয়েই ২১ মে’ত অসম চৰকাৰে বডো ভাষাক অসমীয়া ভাষাৰ সহযোগী চৰকাৰী ভাষাৰ স্বীকৃতি আৰু অসম বিধানসভাত প্রচলনৰ মর্যাদা প্রদান কৰাটো বিজেপি দল নেতৃত্বাধীন মিত্রজেজাট নতুন অসম চৰকাৰৰ বডো ভাষালৈ এই স্বীকৃতি আৰু মর্যাদা প্রদানে বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ইতিহাসত এক অভূতপূর্ব আৰু ঐতিহাসিক সিদ্ধান্ত বুলি আমি মুক্তকণ্ঠে অভিহিত কৰিব লাগিব৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে কেৱল সিদ্ধান্তৰ কথা ঘোষণা কৰিয়েই ক্ষান্ত থকা নাই, বডো ভাষাক বাস্তৱত আৰু সঁচা অর্থত কার্যকৰী ব্যৱস্থা গ্রহণৰো ইতিমধ্যে সবল পদক্ষেপ গ্রহণ কৰি কথাই–কামে প্রমাণিত কৰি দেখুৱাইছে৷ যাৰ কাৰণে বডো জাতিৰ পৰা অসম বিধানসভাৰ অধ্যক্ষ পদত প্রথম অধিষ্ঠিত হোৱা তথা ৰাজ্যসভাত বহুবাৰ সাংসদ হোৱা বিশ্বজিৎ দৈমাৰীক বিধানসভাত বডো ভাষাক প্রচলন কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্দেশ দিছে৷ অধ্যক্ষ দৈমাৰীয়েও মুখ্যমন্ত্রীৰ নির্দেশ আৰু প্রবল সদিচ্ছাৰ প্রতি তুৰন্ত সঁহাৰি জনাই অসম চৰকাৰে বডো ভাষাক চৰকাৰী সহযোগী ভাষাৰ মর্যাদা প্রদানৰ পিছতে প্রথমবাৰৰ কাৰণে অসম বিধানসভাই সদনত বডো ভাষাক প্রচলনৰ সিদ্ধান্তৰ কথা সদৰী কৰিবলৈ ২০২১ চনৰ ৭ জুনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বডোসকলৰ ভালেকেইটা জাতীয় সংগঠন বডো সাহিত্য সভা, নিখিল বডো ছাত্র সন্থা, বডো লেখক একাডেমীৰ বিষয়ববীয়া, প্রতিনিধিবর্গৰ লগতে অসম বিধানসভাৰ ইউপিপিএল আৰু বিপিএফ দলৰ বডো বিধায়কসকলক অসম বিধানসভাৰ সচিবালয়লৈ নিমন্ত্রণ কৰি আনি অসম চৰকাৰৰ সিদ্ধান্তৰ কথা অৱগত কৰাৰ লগতে ৰূপায়ণৰ ক্ষেত্রত বিভিন্ন ধৰণৰ দিহা–পৰামর্শও বিচাৰে৷সোঁতৰ বিপৰীতে অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ স্বার্থত অসম চৰকাৰে সবল আৰু সাহসী পদক্ষেপ লৈ বডো ভাষাক অসমীয়াৰ লগতে ৰাজ্যখনৰ চৰকাৰী সহযোগী ভাষাৰ স্বীকৃতি দি চৰকাৰী অধিসূচনা প্রকাশৰ পিছতে অসম বিধানসভাত প্রথমবাৰৰ কাৰণে বডো ভাষাক প্রচলনৰ সিদ্ধান্ত লোৱাৰ বাবে বডো জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু বডো বিধায়কসকলৰ লগতে অসম বিধানসভাৰ জনজাতীয় বিধায়কসকলে একমুখে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বডো জাতিৰ প্রথম অসম বিধাসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত বিশ্বজিৎ দৈমাৰী– দুয়োকে ভূয়সী প্রশংসা কৰে আৰু মুখ্যমন্ত্রী ড০ শর্মা আৰু অধ্যক্ষ দৈমাৰীৰ ভূমিকাত বডো জাতীয় সংগঠনসমূহে গভীৰ বিশ্বাস আৰু সন্তুষ্টি প্রকাশ কৰে৷
সঁচাকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বডো ভাষাক অসমীয়াৰ সহযোগী চৰকাৰী ভাষাৰ স্বীকৃতি আৰু অসম বিধানসভাত প্রচলনৰ কথা ঘোষণা কৰিয়েই ক্ষান্ত নাথাকি কথামতে কাম কৰি দেখুৱাবলৈ প্রথমবাৰৰ কাৰণে অসম বিধানসভাই সদনত বডো ভাষাৰ প্রচলনৰ বাস্তৱ পদক্ষেপ হিচাপে ২০২১ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত প্রয়োগ কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰে৷ যাৰ ফলত বডো বিধায়ক–মন্ত্রীসকল্ বডো ভাষাতে বিধানসভাত ভাষণ দিব পৰা হ’ল৷ প্রকৃততে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অন্তর্ভুক্ত বডো ভাষাৰ ক্ষেত্রত তেনে মর্যাদা লাভ কৰাটো তেনেই স্বাভাৱিক৷ আমাৰ কথা হ’ল– বডো বিধায়ক, সাংসদ আৰু মন্ত্রীসকলে মাতৃভাষা বডো ভাষাৰে বিধানসভাত ভাষণ দিবলৈ সুযোগ গ্রহণ কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কর্তব্য৷ অন্যথা অসম বিধানসভাত বডো ভাষা প্রয়োগৰ ব্যৱস্থাৰ কোনো মূল্য নাথাকিব৷
উল্লেখ্য যে বিধানসভাৰ মজিয়াত বডো ভাষাত দিয়া ভাষণ, বডো ভাষাত কৰা প্রশ্ণৰ উত্তৰ লগে লগে যাতে অসমীয়া অথবা ইংৰাজীলৈ অনুবাদ কৰা যায় তাৰ বাবে বিধানসভাৰ সচিবালয়ত বডো ভাষা জনা উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি অনুবাদক নিয়োগৰ ব্যৱস্থা ইতিমধ্যে অসম বিধানসভাৰ সচিবালয়ে গ্রহণ কৰিছে, যাতে বডো ভাষাত দিয়া বিধায়কৰ বক্তব্য বা ভাষণ লগে লগে অসমীয়া অথবা ইংৰাজীলৈ অনুবাদ কৰা যায়৷ যাৰ ফলত বডো ভাষাত দিয়া ভাষণ আৰু প্রশ্ণৰ উত্তৰ মুখ্যমন্ত্রী আৰু বিভাগীয় মন্ত্রীসকলে যথাযথ উত্তৰ দিব পাৰে৷
সি যি কি নহওক, অসম ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, ভাষিক আৰু ৰাজনৈতিক প্রেক্ষাপটত বডো ভাষাক দিয়া চৰকাৰী স্বীকৃতি আৰু মর্যাদা প্রদানে অসম বিধানসভাৰ ইতিহাসত নতুন দিগন্তৰ সৃষ্টি কৰাৰ লগতে অসমৰ প্রাচীনতম ইতিহাসসমৃদ্ধ জনগোষ্ঠী যিসকলক অসমৰ ভূমিপুত্র বুলি কোৱা হয়, তেনে বডো জাতিৰ বডো ভাষাক অসমীয়া ভাষাৰ লগত সহযোগী চৰকাৰী ভাষা হিচাপে মর্যাদা দি অসম বিধানসভাৰ মজিয়াত প্রয়োগৰ ব্যৱস্থা গ্রহণে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত বর্তমানৰ নতুন চৰকাৰখনেই স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছত হ’লেও বহু দিশৰ ফালৰ পৰা অসমত প্রকৃতার্থত আচল খিলঞ্জীয়া অসমীয়াৰ চৰকাৰ গঠন হোৱা বুলি ন–দি ক’ব পাৰি৷ প্রাচীন প্রাগজ্যোতিষপুৰ, কামৰূপৰ প্রথম ৰজা মহীৰংগ দানৱৰ পৰা আৰম্ভ কৰি নৰকাসুৰ, বাণাসুৰ, ভীষ্মাসুৰ তথা শেষ কছাৰী ৰজা তুলাৰাম সেনাপতিলৈকে দীঘলীয়া সমৃদ্ধিশালী ইতিহাস ঐতিহ্যৰ ধাৰক আৰু বাহক কিৰাট মংগোলীয় প্রজাতিৰ বৃহত্তৰ বডোমূলৰ চীন–তিব্বতবর্মী ভাষা–পৰিয়ালৰ প্রধান শক্তিশালী বডো ভাষাক অসমীয়া ভাষাৰ সমানে মান্যতা আৰু মর্যাদা প্রদানে প্রাচীন চীন–তিব্বতবর্মী ভাষা–গোষ্ঠীৰ অন্যান্য থলুৱা ভাষাবোৰলৈও সন্মান আৰু মর্যাদা দিয়া বুলি আমি গভীৰ প্রত্যয়েৰে অনুভৱ কৰিছেছা৷ অসম চৰকাৰৰ এনেকুৱা কার্যব্যৱস্থাই ভাষাক লৈ অসমত কোনো কোনো মহলে মাজে–সময়ে অযথা ভুল বুজাবুজি সৃষ্টি কৰিব খোজা নেতিবাচক দৃষ্টিভংগীৰ অৱসান ঘটোৱাৰ লগতে সকলো ভাষালৈ প্রাপ্য মর্যাদা প্রদান কৰিব পাৰিলে অসমৰ বিভিন্ন ভাষা–ভাষীৰ মাজত ভাষা সমন্বয় ঘটোৱাৰ লগতে জাতীয় সংহতি, একতা গঢ়াত প্রভূত অৰিহণা যোগাব সেইটো নিশ্চিত৷ ভাৰত স্বাধীনতাৰ ৭৫ বছৰৰ পিছত হ’লেও বিজেপি–এজিপি–ইউপিপিএ নেতৃত্বাধীন বর্তমানৰ অসম চৰকাৰৰ বডো তথা জনজাতিসকলৰ প্রতি সমধিকাৰ, সমমর্যাদা আৰু সমবিকাশ প্রদানৰ নতুন দৃষ্টিভংগীয়ে আৰু কার্যব্যৱস্থাই বডো তথা জনজাতিসকলক বিগত কেইবা দশকজুৰি বৃহত্তৰ অসমীয়া সমাজৰ পৰা ফালৰি কাটি বিচ্ছিন্নতাবাদী মনোভাব পোষণ কৰাটো লাহে লাহে নাইকিয়া কৰিব আৰু মূলসুঁতিৰ অসমীয়া নেতৃবৃন্দই বডোকে আদি কৰি জনজাতিসকলক অসমীয়াৰ বৰঘৰৰ ভিতৰত সুমুৱাই ৰাখি অসমীয়াৰ অংশীদাৰিত্ব প্রদান কৰিব পাৰিলে পৃথক ৰাজ্য গঠনৰ প্রৱণতাও তেওঁলোকৰ মাজৰ পৰা নাইকিয়া হৈ যাব বুলি আমাৰ মনে ধৰে৷ যাৰ ফলত স্থবিৰ হৈ পৰা অসমীয়া জাতি গঠনৰ প্রক্রিয়া দ্রুততৰ হ’বগৈ৷
কোৱা বাহুল্য মাথোঁ, ইতিমধ্যে অসমৰ যুঁজাৰু জাতি বুলি খ্যাত বডোসকলে ১৯৬৩ চনৰ ১৮ মে’ৰ পৰা বডো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়ত প্রৱর্তন কৰোৱাৰ পৰা কলেজ–বিশ্ববিদ্যালয়্ এম আই এল হিচাপে প্রৱর্তন কৰোৱা, বডো বিভাগ প্রৱর্তন কৰোৱা, বডো ভাষাক অসমৰ চৰকাৰী সহযোগী ভাষা হিচাপে প্রৱর্তন কৰোৱালৈকে আনকি বডো ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অন্তর্ভুক্ত কৰোৱালৈকে এক দীঘলীয়া জংগী সংগ্রাম কৰি অহা কথাটো অসমৰ সচেতন নাগৰিক মাত্রেই নজনা নহয়, জানে৷ কিন্তু সাম্প্রতিক কালত অসমৰ সামাজিক, বৌদ্ধিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ আমূল পৰিৱর্তনৰ ফলত বিনাসংগ্রামে আৰু এজনো শ্বহীদ নোহোৱাকৈ আৰু কাৰো বাধা–নিষেধ নোপোৱাকৈ বডোসকলে বডো ভাষাক সমগ্র অসমতে প্রযোজ্য হোৱাকৈ অসমৰ চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাৰ লগতে স্বীকৃতি লাভ কৰিলে৷ অসমৰ প্রাচীন ইতিহাস, ঐতিহ্য আৰু সমাজ জীৱনৰ নাৰী–নক্ষত্র জনা ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শী আৰু প্রত্যুৎপন্নমতি ৰাজনৈতিক আৰু সামাজিক বিচক্ষণতাৰ ফলস্বৰূপে বডোসকলক মূলসুঁতিৰ অসমীয়া সমাজৰ মাজত আঁকোৱালি লৈ আগন্তুক দিনবোৰত বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগতে খিলঞ্জীয়া অসমীয়াৰ জাতি–মাটি–ভেটি ৰক্ষাৰে অসমৰ ৰাজনৈতিক অখণ্ডতা ৰক্ষিত কৰাৰ লগতে বিদেশী নাগৰিকৰ আগ্রাসন আৰু প্রভুত্বৰ পৰা অসম আৰু অসমীয়া জাতিৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক নিৰাপত্তা চিৰদিনৰ কাৰণে নিকপ্কপীয়া কৰিব বিচাৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এইক্ষেত্রত অসমৰ খিলঞ্জীয়াসকলো জাতি–জনগোষ্ঠী, সম্প্রদায়, দেশীয় গৰিয়া–মৰিয়া জনগোষ্ঠীয় লোক সমন্বিতে বিভিন্ন ভাষা–ভাষীৰ লোকে নিজ জাতি–সম্প্রদায়ৰ স্বার্থৰ কাৰণে নতুন চৰকাৰক বিৰোধ কৰাৰ সলনি সকলো প্রকাৰৰ সহায়–সহযোগ আগবঢ়োৱাৰ সময় সমাগত৷ এইক্ষেত্রত বিশ্ববৰেণ্য ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস সবকা প্রয়াস’ৰ মূলমন্ত্রই সদায় সক্রিয়ভাৱে ক্রিয়া কৰা বুলি আমি ন–দি ক’ব পাৰোঁ৷
এইখিনিতে সকলোৱে জানিবলগীয়া কথাটো হ’ল– বডো ভাষাক অসমীয়া ভাষাৰ লগতে সহযোগী চৰকাৰী ভাষাৰ মর্যাদা পাবলৈ বডো সাহিত্য সভাৰ নেতৃত্বত আশী দশকত বডোসকলে জংগী আন্দোলন চলাই অহাত অৱশেষত ১৯৮৫ চনত তেতিয়াৰ অসমৰ মুখ্যমন্ত্রী কর্মশ্রী হিতেশ্বৰ শইকীয়াই সকলোধৰণৰ বিতর্কৰ ঊর্ধ্বত থাকি অসম বিধানসভাৰ অন্তিম দিনাখন ৪ এপ্রিলত বডো ভাষাক অসমৰ চৰকাৰী ভাষাৰ স্বীকৃতি দাবী সম্পর্কীয় চৰকাৰী বিলখন উত্থাপন কৰিছিল৷ সিদিনাখন অসম বিধাসভাত দল–মত নির্বিশেষে সকলো দলৰ বিধায়কে গুৰুত্বসহকাৰে বিলৰ সপক্ষে মাত মাতিছিল৷ যাৰ ফলত সর্বসন্মতিক্রমে বডো ভাষাৰ প্রাপ্য অধিকাৰ আৰু মর্যাদা প্রদান কৰি বডো ভাষাক অসমীয়া ভাষাৰ সহযোগী চৰকাৰী ভাষাৰ স্বীকৃতি দি হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰে উদাৰতা, সহাৱস্থানৰ আদর্শ দাঙি ধৰিছিল৷ দেখা গৈছে অসমৰ প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ পৰা ৰাজনীতিৰ আদিপাঠ গ্রহণ কৰা অসমৰ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো প্রাক্তন মুখ্যমন্ত্রী শইকীয়াৰ ষ্টাইলতে ৰাজনৈতিক প্রশাসন চলাই যোৱা যেন লাগে৷ অসমৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠী, সম্প্রদায়, ভাষা–ভাষীৰ লোকক একেলগ কৰি কান্ধত কান্ধ মিলাই সকলোৰে সমধিকাৰ, সমমর্যাদা আৰু সমবিকাশেৰে নতুন অসম গঢ়ি অসমক দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ অন্যতম ৰাজ্য হিচাপে প্রতিষ্ঠা কৰিবলৈ নিৰলস অভিযান চলাই আহিছে৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰৰ এই প্রয়াস বাস্তৱত পৰিণত হওক– আমিও কামনা কৰিলোঁ৷
কিন্তু দুখৰ কথাটো হ’ল– সেই সময়তে বডো ভাষাক অসম ভাষা আইন, ১৯৬০ চনৰ সংশোধনী আইন ১৯৮৫ৰ আধাৰত অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা আজি ৩৫ বছৰৰো অধিক কাল পাৰ হৈ গ’ল৷ সেই আইনৰ অধীনত তাহানিৰ গোৱালপাৰা জিলাৰ কোকৰাঝাৰ মহকুমা আৰু দৰং জিলাৰ ওদালগুৰি মহকুমাত অসমীয়াৰ লগতে বডো ভাষাকো চৰকাৰী কার্যালয়ত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু চৰকাৰী পর্যায়ত বডো ভাষাক প্রয়োগৰ ক্ষেত্রত গ্রহণ কৰিবলগীয়া যাৱতীয় ব্যৱস্থা গ্রহণ নকৰাত আজিৰ তাৰিখলৈকে উক্ত দুটা মহকুমাত বডো ভাষাক চৰকাৰী কার্যালয়–আদালতত ব্যৱহাৰ কৰা দেখা নগ’ল৷ পৰৱর্তীকালত বডো চুক্তিৰ জৰিয়তে ২০০৩ চনত বডো ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তর্ভুক্ত হোৱাৰ পিছতো অন্ততঃ বিটিচিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন স্বায়ত্তশাসিত চৰকাৰখনে বডো ভাষা আৰু অসমীয়া ভাষাক চুক্তি অনুসৰি চৰকাৰী কাম–কাজত প্রয়োগ কৰিব বুলি আশা কৰা গৈছিল৷ কিন্তু আমি আশা কৰাৰ বিপৰীতে অসম চৰকাৰ ৰাজ্যিক সচিবালয়কে আদি কৰি জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কার্যালয়সমূহত অসমীয়াৰ পৰিৱর্তে ইংৰাজী ভাষাৰ প্রয়োগহে ব্যাপক ৰূপত ব্যৱহাৰ কৰাৰ দৰে বিটিচিত এতিয়া বিটিআৰৰ চৰকাৰী কার্যালয়তো বডো আৰু অসমীয়াৰ পৰিৱর্তে কেৱল ইংৰাজী ভাষাহে প্রয়োগ বৰকৈ হোৱা দেখা যায়৷ আমি এতিয়া আশা কৰিম যে সংগ্রামী ছাত্রনেতাৰ পৰা পোনে পোনে গৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া ভাতৃপ্রতিম প্রমোদ বডোৱে বিটিআৰৰ মুৰব্বী হিচাপে নিশ্চয় এতিয়াৰ পৰা বডো আৰু অসমীয়া ভাষাক বিটিআৰত চৰকাৰী কাম–কাজত বহুলভাৱে ব্যৱহাৰ কৰাৰ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷ এয়া সময়ৰ দাবী৷ যুৱনেতা প্রমোদ বডো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ এয়া বডো আৰু অসমীয়া ভাষাক চৰকাৰী কাম–কাজত প্রয়োগ কৰাৰ সোণালী সুযোগ৷ এইক্ষেত্রত আমাৰ শুভেচ্ছা আৰু সহযোগ সদায় বাহাল থাকিব৷ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ শুভাকাংক্ষী হিচাপে মুক্তকণ্ঠে দ্বিধাহীনভাৱে নিজ মত ব্যক্ত কৰিলোঁ৷
কোৱা বাহুল্য– যিকোনো ভাষাকে চৰকাৰী ভাষা বা সহযোগী চৰকাৰী ভাষা কৰা হ’ল বুলি চমক লগাকৈ ঘোষণা কৰিবলৈ অতি উজু কাম, কিন্তু বাস্তৱত তাক বিজ্ঞানসন্মত আৰু প্রণালীবদ্ধভাৱে প্রয়োগৰ দিশত চৰকাৰৰ অনেক কৰণীয় কাম থাকে৷ তাৰ বাবে প্রথমতে ভাষা প্রয়োগ সঞ্চালকালয় স্থাপন কৰি চৰকাৰী প্রশাসনীয় পৰিভাষা প্রস্তুত কৰি চৰকাৰী কার্যালয়, আদালতত চৰকাৰৰ আমোলা–বিষয়া, কর্মচাৰীসকলে অসমীয়া, বডো ভাষা ব্যৱহাৰ কৰিব পৰাকৈ প্রশাসনীয় পৰিভাষা যুগুতায় আৰু বিষয়া–কর্মচাৰীৰ ব্যৱহাৰিক হাতপুথি ইত্যাদি প্রকাশ কৰিব লাগিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথা হ’ল– সংশ্লিষ্ট ভাষা–ভাষীৰ জনসাধাৰণে দৈনন্দিন কাম–কাজত নিজ মাতৃভাষাৰে আবেদন–পত্র, চিঠি–পত্র, এজাহাৰ লিখা–মেলাৰ চর্চা কৰি যাবলৈ মানসিকভাৱে আৰু ভাষাৰ দক্ষতা অর্জন কৰিব লাগিব৷ তথাপি আমি এটা কথা ন–দি ক’বই লাগিব যে চৰকাৰে প্রশাসনিক ব্যৱস্থাত ইংৰাজীৰ লগতে অসমীয়া, বডো ভাষাক চৰকাৰী ভাষা কৰাৰ পিছত প্রধানকৈ সেইবোৰ বাস্তৱত প্রয়োগ কৰাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ ওপৰত বহু পৰিমাণে নির্ভৰ কৰিব৷ তাৰ উপৰি অসমৰ জাতীয় সংগঠনবোৰৰ চৰকাৰৰ কাম–কাজত ভাষা প্রয়োগ কৰা–নকৰাৰ ক্ষেত্রত তীক্ষ্ণ দৃষ্টি ৰখাৰ ওপৰতো ভালেখিনি নির্ভৰ কৰিব৷ সবাতকৈ চৰকাৰী ভাষা প্রয়োগৰ ক্ষেত্রত বাধ্যবাধকতা আৰোপ কৰাৰ ব্যৱস্থা চৰকাৰী আমোলা–বিষয়া–কর্মচা জাতীয় দায়িত্ব পালন আৰু সংশ্লিষ্ট ভাষা–ভাষী জনসাধাৰণৰ নিজ ভাষাৰে চৰকাৰৰ ওচৰত আবেদন–নিবেদন কৰা, চিঠি–পত্র, অভিযোগ লিখা–মেলা কৰাৰ ওপৰত যিকোনো স্বীকৃত চৰকাৰী ভাষাৰ প্রয়োগ হোৱা–নোহোৱাটো নির্ভৰ কৰিব৷ মুঠৰ ওপৰত অসমীয়া আৰু বডো ভাষাক চৰকাৰী কার্যালয়ত ১৯৬০ চনৰ ভাষা প্রয়োগ আইনৰ জৰিয়তে ইংৰাজীসহ চৰকাৰী ভাষা হিচাপে অসমৰ চৰকাৰী কার্যালয়–আদালতত প্রয়োগ কৰাটো চৰকাৰৰ নিজ দায়িত্ব আৰু কর্তব্য৷

You might also like