অসম–মিজোৰামৰ সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ আশংকাঃ সীমান্তত হিংসাৰ সুযোগ ল’ব দেশবিৰোধীয়ে
নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ আন্তঃৰাষ্ট্রীয় তথা দেশবিৰোধী শক্তিয়ে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাৰ সুযোগ ল’ব পাৰে৷ এই আশংকা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ মঙলবাৰে উত্তৰ–পূর্বাঞ্চলৰ বিজেপি সাংসদসকলৰ সন্মুখত প্রধানমন্ত্রীয়ে এই আশংকা ব্যক্ত কৰে৷ আন্তঃৰাষ্ট্রীয় তথা দেশবিৰোধী শক্তিয়ে যাতে অসম–মিজোৰাম সীমা সমস্যাৰ সুযোগ ল’ব নোৱাৰে, তাৰ বাবে উত্তৰ–পূর্বৰ দলীয় সাংসদসকলক সজাগ থাকিবলৈ মোদীয়ে মঙলবাৰে আহ্বান জনায়৷
উল্লেখ্য যে কালি দুপৰীয়া সংসদ ভৱনত থকা প্রধানমন্ত্রীৰ কার্যালয়ত উত্তৰ–পূর্বাঞ্চলৰ পৰা নির্বাচিত বিজেপিৰ ১৭জনীয়া সাংসদৰ এটা প্রতিনিধি দলে মোদীক সাক্ষাৎ কৰি অসম–মিজোৰাম সীমান্তৰ শেহতীয়া হিংসাত্মক ঘটনাক লৈ উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে প্রধানমন্ত্রীৰ পোনপটীয়া হস্তক্ষেপ বিচাৰে৷ অসম–মিজোৰামকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে সাংসদসকলে প্রধানমন্ত্রীক এখন স্মাৰক–পত্রও প্রদান কৰে৷ পাছত উত্তৰ–পূর্বাঞ্চলৰ বিজেপি সাংসদসকলৰ হৈ সাংসদ দিলীপ শইকীয়া, কুইন ওজা, ৰাজদীপ ৰায় আৰু হৰেনছিং বে’ই এখন সংবাদ মেল সম্বোধন কৰি প্রধানমন্ত্রীৰে হোৱা আলোচনা সন্দর্ভত বিশদভাৱে সংবাদ মাধ্যমৰ আগত দাঙি ধৰে৷
নিজৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত সম্বোধন কৰা সংবাদ মেলত দিলীপ শইকীয়াই অসম আৰু মিজোৰামাৰ মুখ্যমন্ত্রীয়ে শান্তিৰ বাবে শেহতীয়াকৈ লোৱা পদেক্ষপক শলাগ লৈ কয় যে দুয়ো ৰাজ্যই ৰুজু কৰা নিজা নিজা গোচৰ প্রত্যাহাৰ কৰি শান্তি স্থাপনৰ দিশে নিঃসন্দেহে এখন ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে৷ আনহাতে বিদেশী তথা দেশবিৰোধী শক্তিয়ে যাতে দুয়ো ৰাজ্যৰ সীমা সমস্যাৰ কোনো সুযোগ ল’ব নোৱাৰে, তাৰ বাবে প্রধানমন্ত্রীয়ে জনোৱা আহ্বান সন্দর্ভত নিজৰ মত ব্যক্ত কৰি সাংসদ শইকীয়াৰ বক্তব্য– অসম–মিজোৰাম সীমান্তৰ শেহতীয়া সংঘাতৰ আঁৰত বিদেশী শক্তি জডিত থকাটো স্পষ্ট৷ আৰু কংগ্রেছে ইয়াত হাত উজান দিয়া বুলিও সাংসদজনে সংবাদ মেলত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে৷ কংগ্রেছ তথা দলটোৰ নেতা ৰাহুল গান্ধীক সমগ্র বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দি শইকীয়াৰ বক্তব্য– সীমা বিবাদক লৈ বিগত ৫০–৬০ বছৰত কংগ্রেছে সমস্যা সমাধান নকৰাৰ বাবেই আজি এই ভয়ানক অৱস্থা হৈছে৷ অসম চুক্তি সমাধান কৰি কংগ্রেছেই বাংলাদেশী মুছলমানক সংস্থাপিত কৰিছে৷ উল্লেখ্য যে অসম–মিজোৰাম সীমান্তৰ বিবদমান এলেকাত অসমে অবৈধ বাংলাদেশীক সংস্থাপন দিব খুজিছে বুলি মিজোৰামৰ তৰফৰ পৰা চৰকাৰীভাৱেই অভিযোগ উত্থাপন কৰা হৈছে৷ তেনে অৱস্থাত সাংসদ দিলীপ শইকীয়াৰ এই বক্তব্য যথেষ্ট তাৎপর্যপূর্ণ৷ শইকীয়াই আনকি উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত থকা সীমা সমস্যাৰ বাবে প্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰো তীব্র সমালোচনা কৰা পৰিলক্ষিত হয়৷ আনকি এই সকলোখিনি কথা উত্তৰ–পূর্বাঞ্চলৰ বিজেপি সাংসদসকলৰ পৰা কালি প্রধানমন্ত্রীকো অৱগত কৰোৱা হৈছে বুলি সাংসদজনে সংবাদ মেলত জানিবলৈ দিয়ে৷
আনহাতে বৰাক উপত্যকা সংলগ্ন বিবদমান অসম–মিজোৰাম সীমান্তৰ ওপৰতে সঘনে চকু ৰখা শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ বক্তব্য– সীমান্তৰ শেহতীয়া হিংসাৰ বাবে মিজোৰাম চাৰকাৰেই দায়ী৷ সংবাদ মেলত তেওঁৰ দাবী– যি হৈছে মিজোৰামৰ পৰাই সূত্রপাত ঘটোৱা হৈছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা স্থিতিক উত্তৰ–পূর্বাঞ্চলৰ দলীয় সাংসদসকলে সমর্থন আগবঢ়োৱা বুলিও ৰায়ে মন্তব্য কৰে৷ পিছে শেহতীয়াকৈ মিজোৰাম চৰকাৰে শান্তিৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাই সাংসদজনে লগতে কয়– আমাৰ দুখ আছে যে অসমৰ ৬গৰাকী জোৱানে সীমান্তৰ হিংসাত্মক ঘটনাৰ বাবে প্রাণ দিবলগীয়া হৈছে৷ ভৱিষ্যতে এই সংখ্যাটো বাঢ়ক, সেয়া আমি নিবিচাৰোঁ৷ অসম–মিজোৰামৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত কেন্দ্রীয় চৰকাৰে নিৰন্তৰ দৃষ্টি ৰাখি আছে বুলি তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে৷ আনহাতে কৃষক নেতা অখিল গগৈৰ শেহতীয়া এক বিবৃতিক লৈও বিজেপি সাংসদসকলে কালি প্রতিক্রিয়া ব্যক্ত কৰিছে৷
সাংসদ দিলীপ শইকীয়াৰ বক্তব্য– অখিল গগৈয়ে কৈছে যে অসমৰ ১০ কিলোমিটাৰ ভিতৰলৈ মিজোৰামে আগ্রাসন চলাইছে৷ পিছে ইমান বৃহৎ আগ্রাসন হৈছে নে নাই আমি নাজানো৷ কিন্তু এটা কথা নিশ্চিত যে আমাৰ (বিজেপি) চৰকাৰৰ দিনত এনেধৰণৰ আগ্রাসন হোৱা নাই৷ কংগ্রেছৰ দিনত যদি হৈছে সেয়া আমি নাজানো৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰা প্রতিনিধি দলটোত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু, প্রতিমা ভৌমিকৰ উপৰি আছিল সাংসদ টাপিৰ গাৱ, প্রদান বৰুৱা, দিলীপ শইকীয়া, কামাখ্যা প্রসাদ তাছা, ভুৱনেশ্বৰ কলিতা, তপন গগৈ, পল্লৱলোচন দাস, কৃপানাথ মাল্লা, ডাঃ ৰাজদীপ ৰায় আদি৷