নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭টা সমষ্টিত উপ–নির্বাচনৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ অসমত পাঁচটা বিধানসভা সমষ্টিতেই উপ–নির্বাচন সীমাবদ্ধ নাথাকে৷ উপ–নির্বাচন হ’বলগীয়া সমষ্টিৰ সংখ্যা ৬–৭টালৈ বৃদ্ধি হ’ব পাৰে৷ এই সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

মন্ত্রী দাসে সংবাদ মাধ্যমৰ আগত কয় যে এমাহমান আগেয়ে যেতিয়া গোসাঁইগাঁও, তামুলপুৰ, মৰিয়নি সমষ্টিৰ উপ–নির্বাচনৰ প্রসংগ উত্থাপন হৈছিল, তেতিয়াই আমি তিনিটা সমষ্টিতে নহয়, কমেও ৫টা সমষ্টিত উপ–নির্বাচন হ’ব বুলি ব্যক্ত কৰিছিলোঁ৷ এতিয়া কৈছোঁ উপ–নির্বাচন ৫টা সমষ্টিতে সীমাবদ্ধ নাথাকে, ৬–৭টা সমষ্টিত উপ–নির্বাচন হ’ব পাৰে৷ থাওৰাত সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদানৰ প্রসংগত মন্ত্রী দাসে কয় যে তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি হৈ থকা অৱস্থাতে যোৱা বিধানসভা নির্বাচনৰ আগেয়ে বৰগোহাঁইৰ লগত বিজেপিত যোগদান সম্পর্কত কথা–বতৰা হৈছিল৷ নির্বাচনৰ আগেয়ে তেওঁ বিজেপিত যোগদানৰ কথা আছিল৷ কিন্তু কিছু কাৰণত তেওঁ তেতিয়া বিজেপিলৈ আহিব নোৱাৰিলে৷ সেইদৰে ভৱানীপুৰৰ এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰেও বিজেপিৰ একাংশ নেতাৰ লগতে তেওঁৰ সৈতেও যোগাযোগ কৰাৰ কথা উল্লেখ কৰি কয় যে অতি সোনকালে তালুকদাৰেও বিজেপিত যোগদান কৰিব৷

আসন্ন উপ–নির্বাচনৰ ফলাফল সম্পর্কত মন্ত্রী দাসে কয় যে যোৱা বিধানসভা নির্বাচনত বিৰোধীৰ দখলত যোৱা থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাঁইগাঁৱত এইবাৰ নিশ্চিতভাৱে বিজেপিয়ে জয়লাভ কৰিব৷ মিত্রদলৰে আসন বুজাবুজিৰ সম্পর্কত মন্ত্রী দাসে কয় যে এই সম্পর্কত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি ড০ জে পি নাড্ডা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ নেতৃত্বই সময়ত কোনটো সমষ্টি কাক এৰি দিব, সেই বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব৷ কিন্তু এই মুহূর্তত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্রতিটো সমষ্টিতে উপ–নির্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে৷ ইতিমধ্যে তেওঁ গোসাঁইগাঁৱলৈ গৈ সমষ্টিটোত দুদিন থাকি ইউ পি পি এল–বিজেপি, অগপৰ নেতা–কর্মীৰ সৈতে কথা–বতৰা পাতিছে৷ অহা ৪ আগষ্টত তেওঁ তামুলপুৰতো সভা এখনৰ আয়োজন কৰিছে৷

ইপিনে, মৰিয়নিৰ প্রাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে মধ্য–উজনিৰ এজন কংগ্রেছ বিধায়কে অচিৰেই বিজেপিত যোগদান কৰিব৷ সমষ্টিৰ উন্নয়নৰ লগতে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থতে কংগ্রেছ বিধায়কজন বিজেপিলৈ আহিব৷ এই প্রসংগতে কুর্মীয়ে কয় যে তেওঁ বিজেপিত যোগদান কৰিয়ে আৰু দুজন কংগ্রেছ বিধায়ক বিজেপিলৈ আহি আছে বুলি কৈছিল৷ ইয়াৰে সুশান্ত বৰগোহাঁয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিলে৷ আনজনো অচিৰেই যোগদান কৰিব৷ ইয়াৰ লগে লগে উজনি অসমত কংগ্রেছ প্রায় শূন্য হৈ পৰিল৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া যোৱা নির্বাচনত ৭০০ ভোটৰ ব্যৱধানতহে জয়ী হৈছিল৷ এতিয়া সমষ্টিটোত নির্বাচন অনুষ্ঠিত হ’লে দেৱব্রত শইকীয়া বহু ভোটৰ ব্যৱধানত পৰাজিত হ’ব৷ দুই–এজন নেতাৰ বাবেই অসমত কংগ্রেছ দল ধ্বংস হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই দুই–এজনে আঙুলিত ধৰি দলটোক নচুৱাই আছে৷ নির্বাচনী বিপর্যয়ৰ পাছত দলৰ সভাপতি সলনিত দুমাহ লগা কার্যৰো তেওঁ সমালোচনা কৰে৷ প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাকো কটাক্ষ কৰি কুর্মীয়ে কয় যে ভূপেন বৰা একেৰাহে তিনিবাৰ নির্বাচনত পৰাজিত ব্যক্তি৷ দুবাৰ বিধানসভা নির্বাচনত আৰু এবাৰ লোকসভা নির্বাচনত তেওঁ পৰাজিত হৈছে৷

You might also like