নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া সত্রীয়া সংস্কৃতিৰ উজ্জ্বল জ্যোতিষ্ক আছিল হৰেকৃষ্ণ মহন্ত

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ বৰঙাজুলি সত্রৰ সত্রাধিকাৰ, অসমীয়া সত্রীয়া সংস্কৃতি আৰু আধ্যাত্মিক জগতখনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক আছিল হৰেকৃষ্ণ মহন্ত বাপ৷ তেওঁৰ পুণ্য স্মৃতিত শ্রদ্ধাঞ্জলি জনোৱাৰ মহান উদ্দেশ্যৰে মঙলবাৰে মই এই পৱিত্র সত্র ভূমিত পদার্পণ কৰিছোঁ বুলি জানিবলৈ দিয়া অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাই অসমৰ সমাজ জীৱনলৈ পর্বত সমান অৱদান আগবঢ়াই গৈছে৷ অসমৰ প্রতিটো জাতি– জনগোষ্ঠীক একাকাৰ কৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শৰে বাট বুলি শ্রেণীবিহীন সমাজ নির্মাণ কৰা মহন্ত আতা আমাৰ বাবে সদায়েই প্রেৰণা আৰু আদর্শৰ প্রতীক হৈ ৰ’ব৷যোৱা ১৯ জুলাই তাৰিখে বৈকুণ্ঠগামী হোৱা ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত বৰঙাজুলি সত্রৰ সত্রাধিকাৰ, ভকত শিৰোমণি, ওদালগুৰি ৰত্ন, সত্র ভূষণ আদি বিভিন্ন উপাধিৰে বিভূষিত সত্রাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ সৎকাৰস্থলী পৰিদর্শন কৰাৰ লগতে পুণ্য স্মৃতিত শ্রদ্ধাঞ্জলি আৰু সত্রত অসমৰ মণ্ডলৰ বাবে সেৱা আগবঢ়াই কয়– তেওঁৰ আদর্শ নৱপ্রজন্মৰ মাজত প্রৱাহিত কৰিবলৈ চিন্তা–চর্চা কৰি থকা হৈছে বুলি জানিব দিয়ে৷

সত্র সংবর্ধন, সংৰক্ষণ কৰাৰ সুব্যৱস্থা কৰি থকা বুলি জনোৱাৰ লগতে তেওঁ প্রতিষ্ঠা কৰা ৩৩খন সত্রৰ কথাও চিন্তা কৰি থকা বুলি জানিব দি কয়– শংকৰদেৱে প্রতিষ্ঠা কৰা নৱবৈষ্ণৱ ধর্মৰ পৱিত্র নির্মালি অসমৰ জাতীয় জীৱনত সর্বজন স্বীকৃতি হৈছে৷ শংকৰদেৱৰ আদর্শৰ বাটেৰে জাতি–জনজাতিয়ে খোজ কাঢ়িবলৈ সক্ষম হৈছে আৰু অসমৰ জাতীয় ইতিহাসত নজিৰবিহীন জনজাতীয় সত্রাধিকাৰ নিৰঞ্জন বডোৱে আতাৰ আধৰুৱা কামবোৰ সম্পূর্ণ কৰিব পাৰিব আৰু সদিচ্ছা প্রকাশ কৰিছে৷ বৰঙাজুলি সত্রৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল বার্চুং, সম্পাদক দেৱ ডেকা, ভকত–বৈষ্ণৱ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্রাক্তন সচিব থানেশ্বৰ মালাকাৰ প্রমুখ্যে বিভিন্ন ব্যক্তিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক সংগ দিয়ে৷ উল্লেখ্য যে অহা ১৭ আগষ্টত নিৰঞ্জন বড়োৱে আনুষ্ঠানিকভাৱে সত্রাধিকাৰৰ দায়িত্ব গ্রহণ কৰিব৷ প্রণিধানযোগ্য যে সত্রৰ গুৰু আসনত বহা নিৰঞ্জন বড়ো প্রথমগৰাকী বড়ো জনগোষ্ঠীৰ ব্যক্তি৷

You might also like