নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–মিজো সীমান্তৰ উত্তেজনাক লৈ হাই ক’টত গোচৰ তৰিলে এপিডব্লিউৱে

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ অসম–মিজোৰাম সীমান্তত সৃষ্টি হোৱা উত্তেজনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ আছাম পাব্লিক ৱর্কছ (এপিডব্লিউ)–এ দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ জৰিয়তে সীমাত সৃষ্টি হোৱা উত্তেজনা দূৰ কৰাৰ লগতে সীমান্তৱর্তী অঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ স্থায়ী ব্যৱস্থা গ্রহণৰ নির্দেশ দিবলৈ প্রার্থনা জনাইছে৷

শেহতীয়াকৈ এই আবেদনখনৰ শুনানি গ্রহণ কৰে উচ্চ ন্যায়ালয়ে৷ শুনানিৰ সময়ত বন বিভাগৰ অধিবক্তাই প্রকাশ কৰে যে অসম–মিজো সীমান্তত উত্তেজনা সৃষ্টি হোৱা অঞ্চলত অসামৰিক প্রশাসনৰ জৰিয়তে নিয়োগ কৰা হৈছে বন বাহিনী৷ তদুপৰি সম্প্রতি উক্ত অঞ্চলটোত শান্তিৰ পৰিৱেশ বিৰাজমান৷

ইফালে, মিজোৰাম চৰকাৰৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত প্রকাশ কৰা অনুসৰি অসম আৰু মিজোৰামৰ মাজত থকা সীমাকেন্দ্রিক বিবাদৰ বাবেই উক্ত অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল৷ বর্তমান অঞ্চলটোত উত্তেজনামূলক পৰিৱেশে বিৰাজ কৰি থকা নাই বুলি উল্লেখ কৰা লগতে সীমা বিবাদ দূৰ কৰাৰ বাবে প্রচেষ্টা চলোৱা হৈছে বুলি সদৰী কৰিছে মিজো চৰকাৰৰ অধিবক্তাই৷

উল্লেখ্য যে কাছাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তর্গত কুলছেৰা আৰু কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তর্গত ছিংলা সংৰক্ষিত বনাঞ্চলৰ ছট’ ভুবিৰবন্দ অঞ্চলত সৃষ্টি হৈছিল উত্তেজনা৷ এই দুয়োটা অঞ্চলতে মিজো দুর্বৃত্তই প্রৱেশ কৰি বনাঞ্চল ধ্বংস কৰাৰ লগতে স্থানীয় লোকক প্রহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ দুয়োখন ৰাজ্যৰ সীমান্তৱর্তী অঞ্চলত সৃষ্টি হোৱা সংঘাতত কেইবাজনো লোক আহত হৈছিল৷

পৰৱর্তী সময়ত শিলচৰৰ বহুকেইটা দল–সংগঠনে মিজোৰামলৈ যোৱা ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি ইয়াৰ বিৰোধিতা কৰিছিল৷ ইয়াৰ মাজতে এপিডব্লিউৱে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ জৰিয়তে উক্ত অঞ্চলৰ লোকসকলৰ সুৰক্ষা আৰু সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিবলৈ আহ্বান জনাইছে৷ সমান্তৰভাৱে অসম–মেঘালয়, অসম–মিজোৰাম আৰু অসম–ৰুণাচল সীমান্তৱর্তী অঞ্চলত সীমা বিবাদ দূৰ কৰি স্থায়ীভাৱে শন্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈও এই আবেদনৰ জৰিয়তে আহ্বান জনাইছে সংগঠনটোৱে৷

You might also like