নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী মমতা বেনার্জীক ক্ষমা বিচৰাৰ আহ্বান ৰাজ্যপাল ধনখৰৰ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ কনভয়ত সংঘটিত আক্রমণৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে প্রতিবাদত সৰৱ হৈ পৰিছে বিজেপি নেতাসকল৷ আনকি কেন্দ্রীয় চৰকাৰেও পশ্চিমবংগত মমতা বেনার্জীৰ শাসনকালত আইন–শৃংখলা পৰিস্থিতিত ভয়াৱহভাৱে অৱনতি ঘটা বুলি উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখৰে এই আক্রমণৰ ঘটনাক তীব্র গৰিহণা দিয়াৰ উপৰি এয়া অতি দুর্ভাগ্যজনক বুলিও অভিহিত কৰিছে৷ এনে ঘটনাই দেশৰ গণতান্ত্রিক ব্যৱস্থাটোক লজ্জানত কৰা বুলিও অভিহিত কৰিছে ৰাজ্যপালগৰাকীয়ে৷ এগৰাকী ৰাজ্যপাল হিচাপে সংবিধানৰ নীতিক ৰক্ষা কৰাটো কর্তব্য বুলি অভিহিত কৰি ধনখৰে মুখ্যমন্ত্রী মমতা বেনার্জীক বিজেপিৰ নেতাগৰাকীৰ ওপৰত সংঘটিত আক্রমণৰ বাবে ক্ষমা বিচাৰিবলৈ অনুৰোধ জনাইছে৷ কাৰণ মুখ্যমন্ত্রী মমতা বেনার্জীয়েও সংবিধান মানিয়েই ৰাজ্যৰ শাসনত বহিছে৷

ইফালে পশ্চিমবংগৰ মুখ্য সচিব আলাপন বেনার্জী আৰু ৰাজ্যখনৰ আৰক্ষীপ্রধানক কেন্দ্রীয় গৃহ সচিবে আগন্তুক ১৪ ডিচেম্বৰত দিল্লীত হাজিৰ হ’বলৈ নির্দেশ দিছে৷ কিন্তু মুখ্য সচিব বেনার্জীয়ে কেন্দ্রীয় গৃহ সচিবলৈ এখন পত্রযোগে জনাইছে যে তেওঁ আৰু আৰক্ষীপ্রধানক বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থকাৰ অনুমতি দিব লাগে৷ বেনার্জীয়ে পত্রখনত উল্লেখ কৰিছে যে নাড্ডাৰ ওপৰত হোৱা আক্রমণৰ ঘটনা সন্দর্ভত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্রদান কৰিছে৷ গতিকে ইয়াত কেন্দ্রীয় চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ প্রয়োজনীয়তা আহি পৰা নাই৷

You might also like