নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদে ক’লা কাপোৰ উৰুৱালে, দলিয়ালে নথি–পত্র

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ চলিত সংসদৰ বর্ষাকালীন অধিৱেশনত ৰাজ্যসভাত পুনৰ বিৰোধী সাংসদে অশোভনীয় আচৰণ দেখুৱালে৷ উচ্চ সদনৰ মজিয়াত নতুন সংস্কাৰিত আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদক লৈ আলোচনা আৰম্ভ কৰাৰ পিছতেই বিৰোধী সাংসদে লজ্জাজনক কর্মকাণ্ড সংঘটিত কৰে৷ বিৰোধী সাংসদে সংসদৰ কর্মচাৰীৰ মেজত উঠি ক’লা কাপোৰ জোকাৰিবলৈ ধৰে৷ ইয়াতে ক্ষান্ত নাথাকি বিৰোধী সাংসদসকলে নথি–পত্র দলিয়াই দিয়ে৷ প্রায় ডেৰ ঘণ্টা ধৰি একাংশ বিৰোধী সাংসদে মেজৰ ওপৰতে উঠি থাকি চৰকাৰবিৰোধী শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ বিৰোধী সাংসদসকলে তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত শ্লোগান দি পৰিস্থিতি হুলস্থূলীয়া কৰাত সদনৰ কার্যসূচী স্থগিত ৰাখিবলগীয়াত পৰে৷ কর্মচাৰীৰ মেজত উঠি অসংসদীয় আচৰণ দেখুওৱা বিৰোধী সাংসদৰ ভিতৰত আপৰ সঞ্জয় সিং, কংগ্রেছৰ প্রতাপ সিং, ৰিপুণ বৰা অন্যতম৷

You might also like