নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলত চাহালৰ হেটট্ৰিক, মেক্সৱেল বাহিৰ

মেক্সৱেল হৈছে আই পি এলত সৰ্বাধিকবাৰ শূন্যত আউট হোৱা বেটছমেন

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ আইপিএলত চাহালৰ হেটট্ৰিক, মেক্সৱেল বাহিৰ। পঞ্জাব কিংছৰ ৰিষ্ট স্পিনাৰ যুজবেন্দ্ৰ চাহালে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত দ্বিতীয়টো হেট্ৰিক অৰ্জন কৰিছে। আই পি এল ২০২৫ৰ ৪৯নং মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে চাহালে। চাহালে তৃতীয় অভাৰত চাৰিটা উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰে।

ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি চাহালৰ চিকাৰ হোৱা তিনিজন বেটছমেন আছিল দীপক হুদা, অংশুল কামবোজ আৰু নূৰ আহমেদ। তেওঁ তিনিটা অভাৰত ৩২ ৰান বিনিময়ত ৪টা উইকেট দখল কৰে।

ইফালে পঞ্জাৱ কিংছৰ বাবে এটা বেয়া খবৰ, কিন্তু দলটোৱে ইয়াক লৈ বেছি চিন্তিত নহ’ব। পঞ্জাব কিংছৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল আঘাতপ্ৰাপ্ত হৈছে। অধিনায়ক শ্ৰেয়াছ আয়াৰে তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি থকাৰ ইংগিত দিছে। যদিও যিকোনো দলৰ বাবে যেতিয়া ইয়াৰ খেলুৱৈ আঘাতপ্ৰাপ্ত হয় তেতিয়া ই বেয়া খবৰ, কিন্তু ইয়াত পঞ্জাবে ইমান চিন্তিত নহ’ব কাৰণ মেক্সৱেলে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছিল।

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত টছৰ পিছত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে গ্লেন মেক্সৱেলৰ আঘাতৰ বিষয়ে অৱগত কৰে। আনকি তেওঁৰ সলনিৰ কথাও এতিয়াও চিন্তা কৰা হোৱা নাই বুলিও তেওঁ কয়। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁক আৰু আই পি এল ২০২৫ত খেলা দেখা নাযাব। শ্ৰেয়াছ আয়াৰে কয়, “দুৰ্ভাগ্যজনকভাৱে গ্লেন মেক্সৱেলৰ আঙুলি ভাঙি গৈছে। সলনিৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।”

আই পি এল ২০২৫ৰ মেগা নিলামত পঞ্জাব কিংছে গ্লেন মেক্সৱেলক ৪.২ কোটি টকাত ক্ৰয় কৰিছিল। অৱশ্যে এই ছিজনত তেওঁ বেয়াকৈ ফ্লপ কৰিছিল। আনকি মেক্সৱেলক দলৰ পৰা বাদ দিয়া হৈছিল। ২০২৫ চনৰ আই পি এলত গ্লেন মেক্সৱেলে ৭খন খেলত ৪৮ ৰান সংগ্ৰহ কৰি বলিঙত ৪টা উইকেট দখল কৰিছে।

আই পি এল ২০২৪তো গ্লেন মেক্সৱেল ডাঙৰ ফ্লপ হৈছিল। যোৱা ছিজনত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলৰ অংশ আছিল আৰু ১০খন মেচত মাত্ৰ ৫২ ৰানহে কৰিবলৈ সক্ষম হৈছিল। এই দুৰ্বল প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি আই পি এল ২০২৫ৰ মেগা নিলামৰ পূৰ্বে আৰ চি বিয়ে মেক্সৱেলক মুকলি কৰি দিছিল। উল্লেখ্য যে মেক্সৱেল হৈছে আই পি এলত সৰ্বাধিকবাৰ শূন্যত আউট হোৱা বেটছমেন।

You might also like