নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত কোৱাৰেণ্টাইন চেণ্টাৰতে জন্ম দিলে নৱজাতকঃ নাম ৰাখিলে ‘কোৱাৰেণ্টিন’

নিয়মীয়া বাৰ্তা, ৪ জুন: ক’ভিড–১৯–এ স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰি তোলাৰ সময়তো একাংশ লোকে নিজৰ জীৱনৰ সুমধুৰ ক্ষণ তথা নিজৰ অমূল্য সম্পদক এই ভাইৰাছটোৰ প্রসংগেৰে নাম নির্ধাৰণ কৰাৰ প্রক্রিয়া চলিছে৷ তেনে এক ঘটনাই সংঘটিত হৈছে উত্তৰ–পূবৰ ৰাজ্য মণিপুৰত৷ গোৱাৰ পৰা আহি এক দম্পতীয়ে ৰাজ্যখনৰ কাংপোকপি জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷

চেণ্টাৰটো আছিল এমানুৱেল স্কুলত৷ এই স্কুলতে দম্পতীটোৱে এটি ৩.২ কিলোগ্রাম ওজনৰ পুত্র সন্তান লাভ কৰিলে৷ কোৱাৰেণ্টাইন চেণ্টাৰৰ নামেৰেই দম্পতীটোৱে পুত্রৰ নাম ৰাখিলে ‘এমানুৱেল কোৱাৰেণ্টিন’৷

তাৎপর্যপূর্ণ যে নিজৰ জীৱনৰ স্মৰণীয় ক্ষণ এটি সদা সজীৱ কৰি ৰাখিবলৈ দম্পতীটোৱে সন্তানটিৰ নাম দিলে এমানুৱেল কোৱাৰেণ্টিন৷

উল্লেখ্য যে কোৱাৰেণ্টাইন চেণ্টাৰত কোনো জটিলতা নোহোৱাকৈ দুগৰাকী চিকিৎসকে মহিলাগৰাকীৰ সন্তান প্রসৱ কৰাইছে৷ বর্তমান মাতৃ আৰু সন্তান সুকলমে আছে৷ যোৱা ২৭ মে’ত গোৱাৰ পৰা আহি দম্পতীহাল উক্ত কোৱাৰেণ্টাইন চেণ্টাৰত আছিল৷

You might also like