নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰিবলৈ দৈনিক খাওক এইকেইবিধ ফল…

 ষ্ট্ৰবেৰীঃ তেজত অক্সিজেনৰ স্তৰ  বজাই ৰাখিবলৈ  ষ্ট্ৰবেৰী আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰা উচিত। ষ্ট্ৰবেৰীত ৰাইবোফ্লেভিন, নিয়াচিন, ভিটামিন বি6, ফলেট, কেলচিয়াম, আইৰন, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম আৰু জিংকৰ দৰে পুষ্টি থাকে।

নাচপতি আৰু আনাৰসঃ নাচপতি আৰু আনাৰসে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। নাচপতিত ভিটামিন চি, ভিটামিন কে, পটেছিয়াম, প্ৰ’টিন, ফাইবাৰ আৰু কপাৰৰ দৰে পুষ্টি থাকে, আনহাতে আনাৰসত ভিটামিন বি, ফোলেট, থাইমিন, পেণ্টোথেনিক এচিড, ব্ৰোমেলান, নাইচিন আদি পুষ্টি থাকে ।

অমিতা আৰু আমঃ অমিতাত থকা পটেছিয়াম, কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, ভিটামিন এ, বি, চি, ফাইবাৰ আৰু কেলচিয়ামৰ দৰে পুষ্টিয়ে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে।  একেদৰে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধিৰ বাবে আম সেৱন কৰাটো উপকাৰী। ভিটামিন চি, থাইমিন, ৰাইবোফ্লেভিন, নিয়াচিন, কেলচিয়াম, আইৰন, মেগনেছিয়াম, ফছফৰাছ, ছডিয়াম আৰু জিংক সমৃদ্ধ আমে সুস্থ হৈ থকাত শৰীৰক বিভিন্ন ধৰণ সহায় কৰে ।

You might also like