আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বাঃ), NSCNৰ
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: আজি পুৱাই ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছ শিবিৰত আক্ৰমণ আলফা(স্বাঃ), NSCNৰ। উগ্ৰপন্থী সংগঠনে প্ৰথমে অৰুণাচল প্ৰদেশত আৰু তাৰ পিছত নাগালেণ্ডত আছাম ৰাইফলছে নতুনকৈ নিৰ্মাণ কৰা শিবিৰলৈ লক্ষ্য কৰি গুলীচালনা নিষিদ্ধ সংগঠনৰ। অৰুণাচলত আজি পুৱাৰ ভাগত টিৰাপ চাংলাং অঞ্চলত সংঘটিত হৈছে এই ঘটনা। একে সময়তে নাগালেণ্ডৰ দান পাংছাতো আছাম ৰাইফলছৰ শিবিৰলৈ গুলীচালনা উগ্ৰপন্থী সংগঠনৰ। মুঠ ৩টাকৈ সেনা শিবিৰত আক্ৰমণ আলফা(স্বাঃ), NSCNৰ।
জানিব পৰা মতে স্বাধীনতা দিৱসৰ পূৰ্বে আছাম ৰাইফলছে সীমান্ত অঞ্চলত বৰ্ধিত টহলদাৰী অভিযান চলাই আছিল।
Nagaland | A firing incident between suspected militants & Assam Rifles personnel took place today in Dan Pangsha area along India–Myanmar border. So far there is no report of any casualty in the incident: Hiazu Meru, Deputy Commissioner, Noklak district
Details awaited.
— ANI (@ANI) August 9, 2022