নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ লংডিঙত ৫ নগা উগ্ৰপন্থী কেডাৰৰ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লংডিঙত পাঁচগৰাকী নগা উগ্ৰপন্থীৰ কেডাৰে কালি আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে। অস্ত্ৰ-শস্ত্ৰসহ আসাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে কেডাৰকেইজনে। আত্মসমৰ্পণ কৰা সদস্যকেইজন ক্ৰমে জেৱাং ৱাংছা, আৱম ৱাংচু, ৱাংছেন ৱাংছা, চাইবৌ পানচা আৰু চাফা পানচা। আটাইকেইজনৰ ঘৰ অৰুণাচলৰ লংডিং জিলাত আৰু সদস্যকেইজন এন এছ চি এন (কে) আৰু এন এছ চি এন (আই এম) গোটৰ বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

You might also like