নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়া হ’ব কাঁ চলচ্চিত্ৰ মহোৎসৱ? পুনৰ পিছুৱালে দিন

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কাঁ নিৰ্ধাৰিত দিনতকৈ পিছুৱাই দিয়া হৈছে জুলাইলৈ। পূৰ্বতে ১১ৰ পৰা ২২ মে’ত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ৰোনাৰ বাবে জুলাইলৈ পিছুৱাই দিয়া হয় অনুষ্ঠান।

এতিয়া ৬ জুলাইৰ পৰা ১৭ জুলাইলৈ অনুষ্ঠিত হব বিশ্বৰ পুৰণি অভিজাত চলচ্চিত্ৰ মহোৎসৱখনি। উল্লেখ্য, যোৱা বৰ্ষত ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৱে দেশখনত ঘোষণা কৰা লকডাউনৰ বাবে নিৰ্ধাৰিত দিন পিছুৱাই দিয়া হৈছিল ২০২১ৰ মে’লৈ।

কিন্তু বৰ্তমানো ক’ৰোনা সম্পূৰ্ণ ৰূপে শেষ নোহোৱাৰ বাবে কিছু দ্বিধা-শংকাৰ মাজত থকা সমিতিয়ে জুলাইলৈ পিছুৱাই দিয়ে উৎসৱৰ দিন। উল্লেখ্য ১৯৪৬ চনৰ পৰা ফ্ৰান্সত পালিত হৈ অহা কাঁ চলচ্চিত্ৰ মহোৎসৱ বিশ্বৰ অন্যতম মহান চলচ্চিত্ৰ উৎসৱ ৰূপে গণ্য হৈ আহিছে।

You might also like