নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ চহৰ অঞ্চলত সাতদিনীয়া লকডাউন

নিয়মীয়া বাৰ্তা, ৯ মেঃ ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি হোৱাত অৰুণাচল প্রশাসনে সপ্তাহজোৰা লকডাউনৰ পদাংক গ্রহণ কৰিছে৷

উল্লেখ্য যে সম্পূর্ণ ৰাজ্যখনত এই লকডাউন নহয়, কেৱল চহৰ অঞ্চলতহে প্রযোজ্য হ’ব৷ অহা ১০ মে’ৰ পৰা ১৭ মে’লৈ সাত দিনৰ বাবে লকডাউন বলৱৎ হয়৷ অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰ কেপিটেল ৰিজ’নৰ অন্তর্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলাগুণ, নিৰজুলি আৰু বান্দৰদেৱালৈকে এই লকডাউনৰ প্রভাৱ পৰিব৷

অহা ১০ মে’ পুৱা ৫ বজাৰ পৰা ১৭ মে’ সন্ধিয়া ৫ বজালৈ লকডাউন চলিব বুলি আই চি আৰৰ ডেপুনি কমিছনাৰ টাও’ পটলমে জানিবলৈ দিয়ে৷

You might also like