🔹 ইন্দোৰৰ ফ্লেটত ১৪ দিন আত্মগোপন স্বামীহন্তা সোনমৰ
🔹 আইএছবিটিত বাছত উঠি কলৈ গৈছিল সোনম
🔹 মেঘালয় আৰক্ষীৰ জেৰাত এটাৰ পিছত আন এটা বিস্ফোৰক স্বীকাৰোক্তি
নিউজ ডেস্ক, ১৫ জুন : ৰহস্যৰ ওৰ পৰা নাই চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ৷ ইতিমধ্যে ৰাজাৰ নৱবিবাহিতা ঘাতক পত্নী সোনম ৰঘুবংশীসহ লোমহর্ষক হত্যাকাণ্ডটোৰ ৫ অভিযুক্তক জালত পেলাই মেঘালয় আৰক্ষীৰ এছআইটিয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ জেৰাকালত এছআইটিক বিভ্রান্ত কৰিবলৈ চেষ্টা কৰিলেও তাৰ মাজতে সোনম–অবৈধ প্রেমিক ৰাজ কুছৱাহা আৰু ৩ হত্যাকাৰীয়ে দিছে এটাৰ পিছত আন এটা বিস্ফোৰক স্বীকাৰোক্তি৷
অবৈধ প্রেমিক ৰাজৰ ব্লু–প্রিণ্ট মতে আকাশ–বিশাল–আনন্দৰ সহযোগত স্বামীক হত্যা কৰি মৃতদেহ দ গিৰিখাদত পেলাই দি সোনমে কিদৰে মেঘালয়ৰ পৰা গৈ ইন্দোৰত প্রায় ১৪ দিন আত্মগোপন কৰিছিল, তাৰ গুৰুত্বপূর্ণ তথ্য এইবাৰ পোহৰলৈ আহিছে৷ বোর্খা পিন্ধি শ্বিলঙৰ পৰা ভাৰাতীয়া টেক্সিৰে গুৱাহাটীত উপস্থিত হৈ সোনমে আইএছবিটিত বাছত উঠি গৈ পাইছিল শিলিগুৰি৷ শিলিগুৰিৰ পৰা পুনৰ বাছেৰে সোনম পাটনালৈ গৈছিল৷ তাৰ পিছত পাটনাৰ পৰা ৰে’লযোগে আৰাত উপস্থিত হোৱা সোনমে বাছেৰে যাত্রা কৰিছিল লক্ষ্ণৌলৈ৷ লক্ষ্ণৌত উপস্থিত হৈ আন এখন বাছত উঠি সোনম ২৬ মে’ত উপস্থিত হয় গৃহ চহৰ ইন্দোৰত৷ তাতেই ৮ জুন পর্যন্ত প্রায় ১৪ দিন ধৰি আত্মগোপন কৰি আছিল স্বামীহন্তা সোনমে৷ হত্যাকাৰী নৱবিবাহিতাৰ আত্মগোপনস্থলী হ’ল– ইন্দোৰৰ দেৱাছ নাকাৰ সমীপৰ হীৰাবাগ কলনীৰ এটা এপার্টমেণ্ট৷ এই এপার্টমেণ্টটোৰ জি–১ নম্বৰৰ ফ্লেটটোত লুকাই থাকি সোনমে অপহৰণকাৰীৰ বলি হোৱা অথবা নিৰুদ্দেশ হোৱাৰ নাটক ৰচনা কৰিছিল৷ সোনমৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে এই কথা সদৰী কৰিছে এছআইটিৰ এক শীর্ষস্থানীয় সূত্রই৷
সূত্রটোৱে প্রকাশ কৰা মতে, হত্যাকাণ্ড সংঘটিত কৰাৰ পূর্বেই ৰাজ–বিশালে আগতীয়াকৈ বন্দৱস্ত কৰি ৰাখিছিল আত্মগোপনৰ স্থান ফ্লেটটো৷ স্বামী ৰাজাক মধুচন্দ্রিকাৰ বাবে মেঘালয়লৈ লৈ গৈ হত্যা কৰিয়েই যাতে ফ্লেটটোত আত্মগোপন কৰি থাকিব পাৰে, তাৰ বাবে ৰাজ–বিশালে সকলো ব্যৱস্থা কৰিছিল৷ আনকি ফ্লেটটোত থকাৰ বাবে স্বত্বাধিকাৰ শ্বিলম জেমছক আগতীয়াকৈ আদায় দিছিল তিনি মাহৰ ভাৰা ৫১ হাজাৰ টকা৷ অর্থাৎ এমাহত ফ্লেটটোৰ ভাৰা ১৭ হাজাৰ টকা বন্দৱস্ত হৈছিল৷ প্রায় ১৪ দিন ফ্লেটটোত থকাৰ পাছত ৮ জুনত অবৈধ প্রেমিক ৰাজৰ পৰামর্শক্রমে সোনম উত্তৰ প্রদেশৰ গাজীপুৰলৈ যায়৷ প্রথমে টেক্সিৰে ইন্দোৰৰ পৰা সোনমে বাৰাণসীলৈ গৈছিল৷ তাৰ পাছত বাছেৰে গৈ গাজীপুৰত উপস্থিত হয়৷ সেইদিনা মাজনিশাই সোনমে গাজীপুৰৰ নন্দগঞ্জ কাশী ধাবাত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে৷ আত্মসমর্পণৰ পিছতে হত্যাকাৰী সোনমক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷
সূত্রটোৱে সদৰী কৰা অনুসৰি ইন্দোৰৰ ফ্লেটটোত আত্মগোপন কৰি থকাৰ সময়তে অবৈধ প্রেমিক ৰাজে অনলাইনযোগে সোনমক ৭ হাজাৰ টকাৰ বিভিন্ন প্রয়োজনীয় সামগ্রী ক্রয় কৰি দিছিল৷ লক্ষণীয়ভাৱে সেই এপার্টমেণ্টটো নির্মাণ কৰা হৈছিল নতুনকৈ৷ যাৰ বাবে চি চি টিভি লগোৱা নাছিল৷ এইটোৰেই সুযোগ লৈছিল সোনম–ৰাজ–বিশালে৷
ইফালে, ৰাজাৰ ম’বাইল ফোন, সোণৰ আঙঠি আৰু চেইনৰ কোনো সন্ধান উলিয়াব পৰা নাই এছআইটিয়ে৷ আনকি জেৰাকালত বাৰম্বাৰ প্রশ্ণ কৰাৰ পাছতো এইক্ষেত্রত সদুত্তৰ দিয়াৰ পৰা বিৰত আছে ৫ অভিযুক্ত৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, ৰাজা আৰু সোনমৰ হাতত মুঠ ৩টা ম’বাইল ফোন আছিল৷ যি স্থানত ৰাজাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হৈছে, তাত দুটা ম’বাইল ফোনৰ স্ক্রীন ভঙা অৱস্থাত পোৱা গৈছে৷ ম’বাইল টাৱাৰ লোকেচনৰ ভিত্তিত যেতিয়া ৰাজাক হত্যা কৰা হৈছিল, তেতিয়া তিনিওটা ম’বাইল সক্রিয় হৈ থকাৰ তথ্য লাভ কৰিছে এছআইটিয়ে৷ এনে অৱস্থাত এছআইটিৰ সন্দেহ– প্রমাণ নষ্ট কৰাৰ বাবেই তিনিওটা ম’বাইল মৃতদেহৰ সৈতে হয়তো পাহাৰৰ তলত পেলাই দিয়া হৈছিল৷ কিন্তু কোন ঠাইত পেলাইছে সেয়াও এছআইটিয়ে বিচাৰি পোৱা নাই৷ সেইদৰে বাৰম্বাৰ জেৰা কৰিও ৰাজাৰ সোনৰ চেইন আৰু আঙঠিৰ তথ্য সোনম তথা আন ধৃত ৪ অভিযুক্তৰ পৰা উলিয়াব পৰা নাই বুলি সূত্রটোত প্রকাশ৷ সেইদৰে ৰাজাক হত্যা কৰাৰ পাছত কি পৰিকল্পনা ৰচনা কৰিছিল, সেই বিষয়ে এছআইটিয়ে বাৰম্বাৰ প্রশ্ণ কৰাৰ পাছতো সোনমে মুখ খোলাৰ পৰা বিৰত আছে৷
সূত্রটোৱে সদৰী কৰা মতে, জেৰাত পর্যাপ্ত তথ্য লাভ কৰাৰ পাছতে ৫ অভিযুক্তক লৈ শ্বিলং আৰু চেৰাপুঞ্জীৰ ঘটনাস্থলীত ক্রাইম ছীন ৰিক্রিয়েচন কৰা হ’ব৷