নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রীড়ামন্ত্রী ৰিজিজু ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ  কেন্দ্রীয় ক্রীড়া আৰু যুৱ পৰিক্রমা মন্ত্রী কিৰেণ ৰিজিজু ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শুকুৰবাৰে উত্তৰাখণ্ডৰ তেহৰিত জল ক্রীড়া আৰু দুঃসাহসিক প্রতিষ্ঠান মুকলি অনুষ্ঠানত উপস্থিত থকা ৰিজিজুৱে  টুইটাৰত প্রকাশ কৰিছে যে তেওঁৰ ক’ভিড–১৯ৰ ফলাফল পজিটিভ পোৱা গৈছে৷ চিকিৎসকৰ পৰামর্শ অনুসৰি সম্প্রতি কোৱাৰেণ্টাইনত থকা কেন্দ্রীয় ক্রীড়ামন্ত্রীগৰাকী সম্পূর্ণ সুস্থ আৰু ফিট হৈ থকা বুলি টুইটাৰত উল্লেখ কৰিছে৷

‘শেহতীয়াকৈ মই ধাৰাবাহিকভাৱে ক’ভিড–১৯ৰ টেষ্ট কৰি আছিলোঁ আৰু আজি মোৰ ফলাফল পজিটিভ পোৱা গৈছে৷ শেহতীয়াকৈ মোৰ সংস্পর্শলৈ অহা সকলো ব্যক্তিকে কোৱাৰেণ্টাইনত থাকিবলৈ আৰু টেষ্ট কৰিবলৈ মই অনুৰোধ জনালোঁ৷ মই এতিয়া সম্পূর্ণ সুস্থ আৰু ফিট হৈ আছোঁ৷’ কিৰেণ ৰিজিজুৱে টুইটাৰত এইদৰে কয়৷ উল্লেখ্য যে মহামাৰী ক’ৰোনাৰ নতুন ৰূপে নতুন দিল্লীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷

You might also like