নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপ: ৰবি কুমাৰৰ স্বর্ণ, বজৰঙৰ ৰূপ

নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ ভাৰতৰ তাৰকা পুৰুষ মল্লযুঁজাৰু ৰবি কুমাৰ ডাহিয়াই আলমাটিত চলি থকা এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰিবলৈ সক্ষম হৈছে৷ ৫৭ কেজি শাখাৰ ফাইনেলত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে ইৰানৰ আলিৰেজা চাৰলকক ৯–৪ৰ ব্যৱধানত পৰাস্ত কৰি শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হয়৷

ইপিনে, ভাৰতৰ আন এগৰাকী পুৰুষ মল্লযুঁজাৰু বজৰং পুনিয়ায়ো প্রতিযোগিতাখনৰ ৬৫ কেজি শাখাৰ ফাইনেলত প্রৱেশ কৰিছিল যদিও আঘাতৰ বাবে তেওঁ ফাইনেল মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকে আৰু ৰূপৰ পদকতে সন্তুষ্ট থাকে৷ ছেমিফাইনেলত বজৰঙে কোৰিয়াৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰিছিল৷

নৰসিং পঞ্চম যাদৱে ৭৪ কেজিত আৰু সত্যৱর্ট কাডিয়ানে ৯৭ কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকে৷ আনহাতে, ভাৰতৰ তাৰকা মহিলা মল্লযুঁজাৰু ভিনেশ ফ’গাট আৰু অংশু মালিকে প্রতিযোগিতাখনৰ নিজ নিজ শাখাত স্বর্ণপদক দখল কৰিবলৈ সক্ষম হৈছে৷

You might also like