নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ নৱনিযুক্ত ৫৯৭ উপ–পৰিদর্শকৰ এবছৰৰ ঠিকনা মেঘালয়ৰ নেপা; ১৯ এপ্রিলৰ পৰা হ’ব প্রশিক্ষণ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ নির্বাচনী অধিসূচনা জাৰি কৰাৰ প্রাক্মুহূর্তত বিগত ফেব্রুৱাৰী মাহৰ শেষৰফালে অসম আৰক্ষীত নিযুক্তি লাভ কৰা প্রায় ৫৯৭জন উপ–পৰিদর্শকৰ এবছৰৰ বাবে ঠিকনা হ’ব মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ কাষৰীয়া বৰাপানীস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনৰ আৰক্ষী বিষয়াৰ প্রশিক্ষণ প্রতিষ্ঠান নর্থ ইষ্ট পুলিচ একাডেমী চমুকৈ নেপা৷ এবছৰীয়া প্রশিক্ষণ কার্যসূচী অহা ২২ এপ্রিলৰ পৰা নেপাত আৰম্ভ হ’ব৷ প্রশিক্ষার্থীসকলে ১৬, ১৭ আৰু ১৮ এপ্রিলত ক’ভিড প্রট’কল মানি নেপা চৌহদত আহি ৰিপ’র্টিং কৰিব লাগিব৷ পূর্বতে এই প্রশিক্ষণ কার্যসূচী পহিলা এপ্রিলৰ পৰা হোৱাৰ কথা আছিল যদিও অসমৰ নির্বাচনৰ বাবে সময়সূচী কিছু সালসলনি কৰিবলগীয়া হয়৷

উল্লেখ্য যে বিগত সময়ছোৱাত নেপাত অসম আৰক্ষীৰ নৱনিযুক্ত উপ–আৰক্ষী অধীক্ষকৰ (ডি এছ পি) পূর্ণাংগ আৰু উপ–পৰিদর্শক পদত পদোন্নতি পোৱা বিষয়াসকলৰ দুমহীয়া ইন ছার্ভিচ প্রশিক্ষণ অনুষ্ঠিত হৈছিল৷ প্রথমবাৰৰ বাবে নেপাত অসম আৰক্ষীৰ নৱনিযুক্ত উপ–পৰিদর্শকৰ এবছৰীয়া পূর্ণাংগ প্রশিক্ষণ অনুষ্ঠিত হ’ব৷

এই সন্দর্ভত নেপাৰ সঞ্চালক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ অসম–মেঘালয় কেডাৰৰ আই জি পি পর্যায়ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দীপক কুমাৰে জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ নৱনিযুক্ত উপ–পৰিদর্শকসকল প্রশিক্ষণৰ বাবে চৌহদটো সম্পূর্ণ সাজু কৰি তোলা হৈছে৷ অৱশ্যে মেঘালয় চৰকাৰৰ নির্দেশনা অনুসৰি নেপালৈ অহাৰ পূর্বে প্রতিজনে ক’ভিড নোহোৱাটো নিশ্চিতকৰণৰ বাবে স্বাস্থ্য বিভাগৰ জৰিয়তে আৰ টি পি চি আৰ পৰীক্ষা সম্পন্ন কৰিব লাগিব৷ সেই পৰীক্ষাৰ নিগেটিভ প্রমাণ–পত্র লগত লৈহে নেপালৈ প্রশিক্ষণ ল’বৰ বাবে আহিব লাগিব৷ সঞ্চালক দীপক কুমাৰে জানিবলৈ দিয়া অনুসৰি, আন্তঃৰাষ্ট্রীয় মানৰ আৰক্ষী প্রশিক্ষণ প্রতিষ্ঠান নেপাত আধুনিক প্রযুক্তিৰ সকলো সমাহাৰ ঘটোৱা হৈছে৷

You might also like