নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ‘খান’ৰ নেতৃত্বত গৰুৰ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাজ্যত পুনৰ চলিছে ছিণ্ডিকেটৰাজ৷ কয়লা, ছুপাৰিৰ সমান্তৰালকৈ ৰাজনৈতিক আশিসপুষ্ট ছিণ্ডিকেট চক্রটোৱে বহিঃৰাজ্যৰ পৰা অবাধ হাৰত চোৰাংকৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ অসম আৰক্ষীৰ শীর্ষ বিষয়া আৰু একাংশ ৰাজনৈতিক নেতাৰে গোপন বুজাবুজি কৰি পশ্চিমবংগৰ পৰা শ্রীৰামপুৰ গেটেৰে গুৱাহাটীৰ খানাপাৰালৈ কণ্টেইনাৰ চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত আজি অসম–বংগ সীমান্ত শ্রীৰামপুৰত ৩১নং ৰাষ্ট্রীয় ঘাইপথত শিমলুটাপু আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানত গৰুভর্তি কণ্টেইনাৰ জব্দ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পশ্চিমবংগৰ পৰা শ্রীৰামপুৰ গেটেৰে অসমত প্রৱেশ কৰা এইচ আৰ–৫৫ এম–৭৫৩৪ নম্বৰৰ কণ্টেইনাৰখনত ৩৭টা চোৰাং গৰু আছিল৷ আৰক্ষীয়ে চোৰাংকৈ গৰু সৰবৰাহ কৰাৰ অভিযোগত উত্তৰপ্রদেশৰ মুজাফৰনগৰৰ মহম্মদ ৰছিদ পাঠান (৩৫), মহম্মদ চৰতাজ আনছাৰি (২৪), মহম্মদ ছামচাদ (৪২) আৰু মুকেশ ছাইনী (৪৮) নামৰ সৰবৰাহকাৰীকেইটাক্ গ্রেপ্তাৰ কৰে৷

আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীৰ এক শীর্ষসূত্রই সদৰী কৰা তথ্য অনুসৰি পশ্চিমবংগৰ চৰফৰাজ ওৰফে চণ্ডী আৰু গুৱাহাটীৰ জনৈক খানৰ নেতৃত্বত ৰাজ্যত গৰুৰ ছিণ্ডিকেট চলি আহিছে৷ পশ্চিমবংগত বাহৰ পাতি চণ্ডীয়ে খানৰ জৰিয়তে শ্রীৰামপুৰ গেটেৰে গুৱাহাটীৰ খানাপাৰালৈ চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে৷ বছৰৰ পাছত বছৰ ধৰি ৰাজ্যত চণ্ডীৰ নেতৃত্বত চলি থকা গৰুৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে আৰক্ষী–প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like