নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত সাহসিকতাৰে অসম আৰক্ষীয়ে নির্মাণ কৰিলে অস্থায়ী শিবিৰঃ সীমান্তৱর্তী বনাঞ্চল সুৰক্ষিত কৰিবলৈ ড্র’নেৰে নিৰীক্ষণ

নিয়মীয়া বাৰ্তা, ১৯ জুলাই: অসম–মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা৷ অসমৰ ভূমি বেদখলৰ বাবে একাংশ মিজো দুষ্কৃতিকাৰীয়ে চেষ্টা চলোৱাৰ পাছতে সৃষ্টি হোৱা এই উত্তেজনা এতিয়াও মাৰ যোৱা নাই৷ বিশেষকৈ সীমান্তৱর্তী গুটগুটী অঞ্চলত দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে বাহৰ পাতি থকাত সীমান্তৱর্তী অঞ্চলটোত অব্যাহত আছে উত্তেজনা৷

অৱশ্যে অসমৰ অন্তর্গত বনাঞ্চল সুৰক্ষিত কৰি ৰখাৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ হাইলাকান্দিৰ বন বিষয়াসকলৰ সহযোগত অঞ্চলটোত নিতৌ টহল দিছে অসম আৰক্ষীয়ে৷ অঞ্চলটোত ৫০০ জোৱান নিয়োজিত কৰাৰ লগতে ড্র’নৰ সহায়ত এই সীমামূৰীয়া অঞ্চলটোত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষী আৰু বন বিভাগে৷

তদুপৰি এই অঞ্চলত অস্থায়ীভাৱে অসম আৰক্ষীয়ে নির্মাণ কৰিছে অস্থায়ী চকী৷ যাতে কোনো কাৰণতে মিজো দুষৃকতিকাৰীয়ে অসমৰ ভূমিত প্রৱেশ কৰি বন ধ্বংস চলাব নোৱাৰে৷ বিগত ছমাহত চাৰিবাৰকৈ মিজোৱে অসমত চলোৱা আগ্রাসনৰ ফলত অঞ্চলটোত দুয়োপক্ষৰ মাজত সংঘর্ষ সৃষ্টি হৈছিল৷

উল্লেখ্য যে দীর্ঘদিন ধৰি এই অঞ্চলটোত সীমাক লৈ অব্যাহত আছে বিবাদ৷ গুটগুটীত সংঘর্ষৰ সৃষ্টি হোৱাৰ পাছতে মিজোৰাম আৰক্ষীয়েও বাহৰ পাতিছে অঞ্চলটোত৷ অসম–মিজোৰাম সীমান্ত সূত্রপাত ঘটা সীমাকেন্দ্রিক বিবাদৰ পাছতে শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত হৈছিল এক উচ্চ পর্যায়ৰ বৈঠক৷ যোৱা ১০ জুলাইত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মুখ্য সচিব পর্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ তৎসত্ত্বেও অসম–মিজোৰাম সীমান্তত হ্রাস পোৱা নাই সীমাকেন্দ্রিক উত্তেজনা৷

বিশেষকৈ বৰাক উপত্যকাৰ তিনি জিলাৰ প্রশাসনৰ বাবে অসম–মিজোৰাম সীমান্তত নিতৌ সৃষ্টি হোৱা উত্তেজনা একপ্রকাৰ উদ্বেগৰ কাৰণ হৈ পৰিছে৷ আনকি শংকিত হৈ পৰিছে গুটগুটীৰ স্থানীয় লোকসকল৷ সংবাদ মাধ্যমৰ আগত এই স্থানীয় লোকসকলে প্রকাশ কৰা অনুসৰি তেওঁলোকে ধাৰাবাহিকভাৱে মিজো দুষৃকতিকাৰীৰ আগ্রাসনৰ বাবে উজাগৰী নিশা কটাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ দুয়ো পক্ষই অঞ্চলটোত অৱস্থান কৰাৰ ফলত যিকোনো সময়ত পুনৰ উত্তেজনাৰ সৃষ্টি হোৱাৰ শংকা অধিক ঘনীভূত হৈ পৰিছে৷

You might also like