নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুকুত অযুত সপোন বান্ধি টকিঅ’ত লাভলীনাঃ অসমবাসীৰ শুভকামনা লাভলীনাৰ শিৰত

নিয়মীয়া বাৰ্তা, ১৯ জুলাই: বিশ্বৰ সর্বশ্রেষ্ঠ ক্রীড়াবিদৰ শ্রেষ্ঠত্ব অর্জনৰ যুঁজ অলিম্পিক৷ শতাব্দী প্রাচীন এই অলিম্পিক গেমছক কোৱা হয় বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ৷ প্রতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত অলিম্পিকৰ সুবৃহৎ মঞ্চত পদক জয়েৰে দেশ আৰু জাতিলৈ গৌৰৱ কঢ়িওৱাৰ সপোন দেখে বিশ্বৰ প্রতিগৰাকী ক্রীড়াবিদে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয়ৰ বহু আকাংক্ষিত সফলতা অর্জনৰ দুর্বাৰ হেঁপাহ বুকুত বান্ধি দেওবাৰে পুৱা টকিঅ’ত উপস্থিত হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই৷

বিগত প্রায় এমাহ ধৰি ইটালীত উন্নত অনুশীলন চলোৱাৰ অন্তত যোৱানিশা ভাৰতীয় বক্সিং দলৰ সৈতে অসমৰ উদীয়মান তাৰকাগৰাকী জাপানৰ ৰাজধানী চহৰ টকিঅ’ত অৱতৰণ কৰে৷ অলিম্পকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনাক অলিম্পিকৰ গেমছ ভিলেজত আদৰণি জনায় আন এগৰাকী অসম সন্তানে৷ ভাৰতীয় দলৰ ছেফ অৱ দ্য মিছন হিচাপে আগতীয়াকৈ টকিঅ’ত উপস্থিত হোৱা ৰাজ্যসভাৰ সাংসদ তথা অসমৰ জ্যেষ্ঠ ক্রীড়া সংগঠক বীৰেন্দ্র প্রসাদ বৈশ্যই উত্তৰ–পূবৰ দুই বক্সাৰ এম চি মেৰিকম আৰু লাভলীনা বৰগোহাঁইক গেমছ ভিলেজত বিশেষভাৱে আদৰণি জনোৱা দেখা যায়৷

উল্লেখ্য যে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্রঞ্জৰ পদক জয়েৰে ৰাজ্যলৈ ইতিমধ্যে গৌৰৱ কঢ়িয়াই অনা গোলাঘাটৰ বিৰল প্রতিভাৱান বক্সাৰ লাভলীনাই টকিঅ’ অলিম্পিকৰ আৰম্ভণিৰ দিনাই ৰিঙত নামিব৷ অহা ২৩ জুলাইৰ পুৱা ৭.৩০ বজাত অসমৰ বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পকত অভিযান আৰম্ভ কৰিব৷ তেওঁ ৬৯ কেজি ৱেল্টাৰৱেইট শাখাত ভাৰতক প্রতিনিধিত্ব কৰিব৷ ২০১৭ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰি প্রথমবাৰৰ বাবে ভাৰতীয় ক্রীড়া জগতত পৰিচয় লাভ কৰা দৃঢ়মনা বক্সাৰগৰাকী ভাৰতীয় অলিম্পিক দলৰ অন্যতম পদকপ্রত্যাশী৷ ২০১৯ আৰু ২০২০ত একেৰাহে দুবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুর্দান্ত প্রদর্শনেৰে দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই অনা লাভলীনাই ২০২০ৰ মার্চ মাহত টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছিল৷ এছিয়া এণ্ড ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফিকেচন টুর্নামেণ্টত জয়েৰে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে অলিম্পিকৰ টিকট নিশ্চিত কৰিবলৈ সক্ষম হৈছিল৷

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা তেওঁ হ’ল অসমৰ প্রথমগৰাকী মহিলা আৰু সামগ্রিকভাৱে পঞ্চমগৰাকী ক্রীড়াবিদ৷ একালৰ প্রখ্যাত ফুটবলাৰ ডাঃ টালিমেৰন আও আছিল অলিম্পিকত অংশ লোৱা অসমৰ প্রথমগৰাকী ক্রীড়াবিদ৷ অসমৰ এইগৰাকী মহান ফুটবলাৰৰ নেতৃত্বত ভাৰতে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশ লৈছিল৷ টালিমেৰন আৱে অলিম্পিকত অংশ লোৱাৰ সম্পূর্ণ ৪৪ বছৰ পাছত দ্বিতীয়গৰাকী অসমীয়াই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ গৌৰৱ অর্জন কৰে৷ ১৯৯২ৰ বার্চিলোনা অলিম্পিকত ভাৰতীয় বেডমিণ্টন দলক প্রতিনিধিত্ব কৰিছিল অসমৰ তাৰকা খেলুৱৈ দীপাংকৰ ভট্টাচার্যই৷ চাৰি বছৰ পাছত তেওঁ আটলাণ্টা অলিম্পিকতো অংশ লোৱাৰ সুযোগ পায়৷

ইয়াৰ পাছত পুনৰ ২০ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অলিম্পিকলৈ একেলগে দুগৰাকী অসমীয়াই যোগ্যতা অর্জন কৰে৷ ২০১২ লণ্ডন অলিম্পিকত দেশত প্রতিনিধিত্ব কৰা অসম সন্তান দুগৰাকী আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপা৷ চাৰি বছৰ পাছত ৰিঅ’ অলিম্পিকত শিৱ থাপাই পুনৰ দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰে৷ চাৰিগৰাকীকৈ অসম সন্তানে অলিম্পিকৰ মঞ্চত দেশক প্রতিনিধিত্ব কৰাৰ গৌৰৱ অর্জন কৰিছে যদিও এইপর্যন্ত পদক অর্জনৰ বহু আকাংক্ষিত সফলতা স্পর্শ কৰিব পৰা নাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলবাস্ এই অপূর্ণ সপোন সার্থক কৰাৰ সংকল্প লৈ টকিঅ’ত ভৰি থোৱা দৃঢ়মনা লাভলীনাই পুনৰ আশা সজীৱ কৰিছে ক্রীড়ানুৰাগীৰ৷

বক্সিং ৰিঙত প্রতিদ্বন্দ্বীৰ শক্তিশালী পান্স প্রতিহত কৰি অসম কন্যাই অহা ২৩ জুলাইত টকিঅ’ত অসম্ভৱক সম্ভৱ কৰি তোলাৰ মৰণপণ যুঁজত নামিব৷ ফুটবলাৰ টালিমেৰন আও, বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচার্য, বক্সাৰ শিৱ থাপা আৰু আর্চাৰ জয়ন্ত তালুকদাৰে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত সম্ভৱ কৰিব নোৱাৰা অসম্ভৱক লাভলীনাই কিদৰে বাস্তৱায়িত কৰে সেয়া লক্ষণীয় হ’ব৷

শেহতীয়াকৈ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জ জয় কৰা অসম কন্যাই টকিঅ’ৰ বক্সিং ৰিঙত স্বভাৱসুলভ আক্রমণাত্মক খেল প্রদর্শন কৰিব পাৰিলেই অলিম্পিকৰ পৰা ৰাজ্যবাসীয়ে এইবাৰ ঐতিহাসিক সাফল্যৰ বতৰা লাভ কৰাটো নিশ্চিত৷

You might also like