শিলচৰ–আগৰতলাক সামৰি ল’ব বন্দে ভাৰত এক্সপ্রেছে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ বাবে সুখবৰ৷ অঞ্চলটোত ভ্রমণ, যোগাযোগ আৰু অর্থনৈতিক বিকাশক উজ্জীৱিত কৰাৰ ক্ষেত্রত প্রাধান্য দিয়া কেন্দ্রীয় চৰকাৰে উত্তৰ–পূবৰ দুই ৰাজ্যক বহু চর্চিত বন্দে ভাৰত এক্সপ্রেছেৰে সাঙুৰি ল’ব৷ অসমৰ শিলচৰ আৰু ত্রিপুৰাৰ ৰাজধানী আগৰতলালৈ বন্দে ভাৰত এক্সপ্রেছৰ চলাচল আৰম্ভ হ’ব৷ অহা মাহত এই বন্দে ভাৰত এক্সপ্রেছৰ চলাচল আৰম্ভ হ’ব বুলি ত্রিপুৰাৰ ৰাজ্যসভাৰ সাংসদ ৰাজীৱ ভট্টাচার্যই প্রকাশ কৰিছে৷ ইতিমধ্যে শিলচৰ আৰু আগৰতলালৈ চলিবলগীয়া বন্দে ভাৰত এক্সপ্রেছৰ বাবে সকলো আন্তঃগাঁথনি প্রায় সম্পূর্ণ হৈ উঠিছে৷ চলিত মাহতেই সকলো কাম সম্পূর্ণ হোৱাৰ পাছত অহা মাহৰ প্রাৰম্ভতেই শিলচৰ আৰু আগৰতলাৰ মাজত আৰম্ভ হ’ব বন্দে ভাৰত এক্সপ্রেছৰ সেৱা৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ধ্বজাবাহী প্রকল্প বন্দে ভাৰত এক্সপ্রেছ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত আৰম্ভ হৈছে৷ অসমৰ শিলচৰ আৰু আগৰতলাত বন্দে ভাৰত এক্সপ্রেছৰ চলাচলে এই মানচিত্রখন সম্প্রসাৰণ কৰিব৷ দ্রুতগতিসম্পন্ন, সঠিক সেৱাৰ বন্দে ভাৰত এক্সপ্রেছে উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানক সংযোগ কৰিলে যাত্রীৰ ভ্রমণ সময় হ্রাস পাব৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শর্মাই প্রকাশ কৰা মতে ডিচেম্বৰত ৰে’ল চলাচলৰ পথৰ বৈদ্যুতিকৰণ সম্পূর্ণ হ’ব আৰু বন্দে ভাৰত এক্সপ্রেছ চলাচল আৰম্ভ হ’ব৷