অলিম্পিয়ান দীপা কৰ্মকাৰক বিভূষণ বঁটা ত্ৰিপুৰা চৰকাৰৰ
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ত্ৰিপুৰা দিৱস হিচাপে ত্ৰিপুৰা চৰকাৰে অলিম্পিক খেলুৱৈ দীপা কৰ্মকাৰক ত্ৰিপুৰা বিভূষণ বঁটাৰে বিভূষিত কৰে।
এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী বিপ্লৱ দে’ৰ লগতে আন আন আমোলা তথা বিষয়ববীয়া। মুখ্যমন্ত্ৰী বিপ্লৱ দে’ই দীপাক স্মাৰক আৰু নগদ ধনেৰে সন্মানিত কৰে।
দীপা কৰ্মকাৰে এই সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰে।
Thank you Government of Tripura for recognising my efforts and honouring me with the prestigious Tripura Bivushan Award in the first ever State Civil Award ceremony. অনেক ধন্যবাদ? pic.twitter.com/ztZCNj6GAv
— Dipa Karmakar (@DipaKarmakar) January 21, 2021
পদ্মশ্ৰী, অৰ্জুন তথা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাপ্ৰাপক খেলুৱৈ দীপা কৰ্মকাৰ প্ৰথম ভাৰতীয় খেলুৱৈ যি অলিম্পিকত জিমনাষ্টিকত প্ৰৱেশ কৰিছিল।
দীপা কৰ্মকাৰে ৰিঅ’ অলিম্পিকত জিমনাষ্টিকত উন্নত মানৰ প্ৰদৰ্শন কৰিছিল, কোনো ধৰণৰ পদক অৰ্জন কৰা নাছিল যদিও দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।