নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত বক্তব্য ৰাখিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ভাৰ্চুৱেলী অংশ লৈ ভাষণ দিয়ে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমাৱৰ্তন সমাৰোহত অংশ লোৱাৰ কথা টুইটযোগে প্ৰকাশ কৰিছিল আৰু আজি সঠিক সময়ত তেওঁ ভাৰ্চুৱেলী ভাষণ আগবঢ়ায়।

ভাষণত মোদীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাই তেজপুৰ বিশ্ববিদ্যালয়ক লৈ লিখা শীৰ্ষগানৰ পংক্তিৰ উদ্ধৃতি দি তেজপুৰৰ ইতিহাসসম্বলিত ঊষা-অনুৰুদ্ধ প্ৰসংগও উনুকিয়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ মহানতাৰ লগত তেজপুৰৰ সম্পৰ্কৰ কথা উল্লেখ কৰে।

সমাৱৰ্তনত অংশ লোৱা সকলো শিক্ষক-বিষয়ববীয়া বিশেষকৈ ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি কয়- ‘আজিৰ সমাৱৰ্তনত উপস্থিত থাকি আপোনালোক আৰু আপোনালোকৰ অভিভাৱক যিমান সুখী, ময়ো সিমানে সুখী। আজি আপোনালোকৰ ভৱিষ্যতক লৈ আপোনালোক যিমানে আশাবাদী ময়ো আপোনালোকক লৈ সিমানে বিশ্বাসী যে আপোনালোকে গ্ৰহণ কৰা শিক্ষাৰ মাজেৰে অসমক তথা দেশ ভাৰতক প্ৰগতিৰ দিশত আগুৱান কৰিব আৰু উন্নতিৰ শিখৰলৈ লৈ যাব।’

প্ৰায় ২৫ মিনিটজোৰা ভাষণত প্ৰদানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবকে ধৰি দেশৰ বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰি ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাসসহ জীৱন যুদ্ধত আগুৱান হ’বলৈ প্ৰেৰণা যোগায়।

You might also like