নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মণিপুৰৰ মুখ্যমন্ত্ৰীকে ধৰি ১৭৩ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ আজি পুৱাৰে পৰা আৰম্ভ হৈছে মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ ভোট। মুঠ ৬০টা সমষ্টিৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটৰ আজি প্ৰথম পৰ্যায়ৰ ভোটে সাঙুৰি লৈছে ৩৮টা সমষ্টিক। পুৱা ৯.৩০ বজালৈ বজালৈ প্ৰায় ৯ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে। আজি ভাগ্য পৰীক্ষাত অৱৰ্তীণ হৈছে মুখ্যমন্ত্ৰী বীৰেণ সিঙকে ধৰি ১৭৩জন প্ৰাৰ্থী। বিজেপি আৰু কংগ্ৰেছৰ উপৰিও এইবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেশ্বনেল পিপুলছ পাৰ্টীয়ে ৩৮খন আসনৰ বাবে যুঁজত অৱৰ্তীৰ্ণ হৈছে। বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ এন পি পি আৰু নাগা পিপুলছ ফ্ৰণ্টে এইবাৰ এককভাৱে যুঁজত নামিছে। বিগত ২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৬০খন আসনৰ ভিতৰত ২৮খনত জয় লাব কৰিছিল যদিও ২১খন আসন লাভ কৰা বিজেপিয়ে এন পি পি আৰু নাগা পিপুলছ ফ্ৰণ্টৰ সহায়ত চৰকাৰ গঠন কৰে।

You might also like