মণিপুৰত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে ঘাট দলং সম্পূৰ্ণ, অভিযান্ত্ৰিক আশ্চৰ্য
বিশ্বৰ অভিযান্ত্ৰিক আশ্চৰ্য্য হিচাপে অভিহিত কৰা ১৪১ মিটাৰ উচ্চতাৰ ঘাট দলংখন ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম–ইম্ফল ৰেলৱে লাইন প্ৰকল্পৰ এক অবিচ্ছেদ্য অংগ
মণিপুৰত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে ঘাট দলং সম্পূৰ্ণ, অভিযান্ত্ৰিক আশ্চৰ্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মে’ : মণিপুৰৰ কম পৰিচিত জিলাখন ন’নিয়ে এতিয়া বিশ্বৰ আটাইতকৈ ওখ ৰে’লৱে ঘাট দলং থকাৰ বাবে শিৰোনাম দখল কৰিছে। বিশ্বৰ অভিযান্ত্ৰিক আশ্চৰ্য্য হিচাপে অভিহিত কৰা ১৪১ মিটাৰ উচ্চতাৰ ঘাট দলংখন ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰিবাম–ইম্ফল ৰেলৱে লাইন প্ৰকল্পৰ এক অবিচ্ছেদ্য অংগ।
ন’নি দলং নামেৰে জনাজাত ১৬৪নং আইকনিক দলংখনত গাৰ্ডাৰ লঞ্চিং সফলতাৰে সম্পূৰ্ণ কৰি নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেই (এনএফআৰ) এক উল্লেখযোগ্য অভিযান্ত্ৰিক মাইলৰ খুঁটি অৰ্জন কৰে।
𝐖𝐨𝐫𝐥𝐝’𝐬 𝐓𝐚𝐥𝐥𝐞𝐬𝐭 𝐑𝐚𝐢𝐥𝐰𝐚𝐲 𝐏𝐢𝐞𝐫 𝐁𝐫𝐢𝐝𝐠𝐞 𝐨𝐩𝐞𝐧𝐬 𝐢𝐧 𝐌𝐚𝐧𝐢𝐩𝐮𝐫!
All 8 spans completed in the Jiribam–Imphal line — a marvel in the hills, a leap for connectivity!#IndianRailways #Manipur #Bharat #NortheastIndia pic.twitter.com/hnaPpPYQxt
— The Northeast Dialogue (@TheNEdialogue) May 28, 2025
শেহতীয়াকৈ দলংখনৰ চূড়ান্ত স্পেন সফলতাৰে স্থাপন কৰা হৈছে, যাৰ ফলত এই কীৰ্তিচিহ্নস্বৰূপ আন্তঃগাঁথনি প্ৰকল্পৰ আটাইকেইটা স্পেনৰ আৰম্ভণি সম্পূৰ্ণ হৈছে। এই দলংখনক বিশ্বজুৰি পৃথক কৰি তোলা কথাটো হ’ল ইয়াৰ অভিলেখ ভংগকাৰী ঘাটসমূহ—পি৩ আৰু পি৪—প্ৰতিটোৱেই ১৪১ মিটাৰৰ আচৰিত উচ্চতালৈ উঠিছে, যাৰ ফলত ইহঁতক বিশ্বৰ আটাইতকৈ ওখ দলংঘাট হিচাপে পৰিগণিত হৈছে আৰু উন্নয়ন।
অঞ্চলটোৰ জটিল ভূতাত্ত্বিক আৰু জলবায়ুৰ প্ৰত্যাহ্বান সহ্য কৰিব পৰাকৈ ডিজাইন কৰা এই দলংখনে কঠিন পাহাৰীয়া ভূখণ্ড আৰু গভীৰ উপত্যকাক সামৰি লৈছে। নিখুঁত পৰিকল্পনা, অত্যাধুনিক নিৰ্মাণ কৌশল আৰু সমগ্ৰ এন এফ আৰ দলৰ নিষ্ঠাৰ জৰিয়তে আৰম্ভণিৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাটো সম্ভৱ হৈছিল।
উল্লেখযোগ্য যে ন’নি ৰে’ল দলংখনে দুটা বৃহৎ প্ৰাকৃতিক দুৰ্যোগ সহ্য কৰিছিল যিয়ে অঞ্চলটোক আবদ্ধ কৰি ৰাখিছিল।
৪ জানুৱাৰীত ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই মণিপুৰ কঁপাইছিল। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল টামেংলং যিটো তেতিয়াৰ নিৰ্মিত ন’নি দলঙৰ পৰা মাত্ৰ ৩৭ কিলোমিটাৰ দূৰত্বত আছিল। ভূমিকম্পৰ ফলত মণিপুৰত ব্যাপক বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয় যদিও ন’নি দলঙে এই জোকাৰণিৰ ঢৌ সহ্য কৰিলে।
আকৌ ২০২২ চনৰ ৩০ জুনত ন’নি জিলাত ডাৱৰ বিস্ফোৰণ ঘটি টুপুল ৰেলৱে নিৰ্মাণ স্থানৰ ওচৰত ব্যাপক ভূমিস্খলনৰ সূচনা হয়। এটা সম্পূৰ্ণ পাহাৰ বিধ্বস্ত হৈ পৰিল। ইয়াৰ ফলত কমেও ৫৮জন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক সন্ধানহীন হৈ আছে। আহত হৈছে ১৮জন লোক। ভাৰতীয় সেনাৰ ২৯জন জোৱান আৰু নিহতসকলৰ ভিতৰত ২৯ জন সাধাৰণ নাগৰিকও আছে। ন’নি দলঙৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত্বত এই বৃহৎ ভূমিস্খলন সংঘটিত হয় যদিও ই কোনো আঁচোৰ নোহোৱাকৈয়ে প্ৰাকৃতিক দুৰ্যোগ সহ্য কৰিলে এই দলংখনে।
Launching successfully completed;
For all 8 spans of the world’s tallest railway pier bridge
(1 x 71.5m + 5 x 106m + 1 x 71.5m + 1 x 30m)📍in the Khongsang–Noney section of the Jiribam–Imphal Capital Connectivity Project. pic.twitter.com/9gjD3xumju
— Ashwini Vaishnaw (@AshwiniVaishnaw) May 28, 2025
জিৰিবাম–ইম্ফল নতুন লাইন ৰেল প্ৰকল্প উত্তৰ-পূব অঞ্চলৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্প। জিৰিবামৰ পৰা খংছাংলৈকে এই অংশটো ইতিমধ্যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হৈছে। ৫৫.৩৬ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ জিৰিবাম–খংছাং অংশটোৱে বৰ্তমান অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই খোংছাংলৈ নিয়মীয়াকৈ সামগ্ৰী ৰেল সেৱা চলাই আছে। প্ৰকল্পটো আৰু আগবাঢ়ি যোৱাৰ লগে লগে অনাগত বছৰবোৰত খংছাং–ন’নি (১৮.২৫ কিলোমিটাৰ) আৰু ন’নি–ইম্ফল (৩৭.০২ কিলোমিটাৰ) অংশ আৰম্ভ হোৱাৰ কথা। সম্পূৰ্ণ হোৱাৰ লগে লগে জিৰিবাম–ইম্ফল ৰে’ল লাইনে মণিপুৰৰ সংযোগৰ পৰিৱৰ্তন ঘটাব, যাৰ ফলত অৰ্থনৈতিক বিকাশ আৰু আঞ্চলিক উন্নয়নৰ সূচনা হ’ব।