নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অসম চৰকাৰ আৰু বিটিচিৰ পর্যটন বিভাগৰ উদ্যোগত যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অষ্টম ভৈৰৱকুণ্ড পর্যটন মহোৎসৱৰ আজি সামৰণি পৰিব৷ পুৱা অসম, অৰুণাচল প্রদেশ, মণিপুৰ মিজোৰামৰ লগতে চুবুৰীয়া ৰাষ্ট্র ভূটানৰ শিল্পীসকলে অংশ…

ধর্ষণৰ গোচৰত কাজিৰঙাত গ্রেপ্তাৰ বহুৰূপী–বিতর্কিত কংগ্রেছীক

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ছণ্ডিকেট, দুর্নীতি, গোষ্ঠীসংঘর্ষ– এনে অনেক গুৰুতৰ অভিযোগত নাম সাঙোৰ খাই থকা এজন বহুৰূপী কংগ্রেছ নেতা অৱশেষত আৰক্ষীৰ জালত পৰিল৷ কাজিৰঙাৰ এখন বিলাসী হোটেলৰ পৰা দেওবাৰে পুৱাই বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে…

‘কা’ সন্দর্ভত মুখ খুলিলে বাংলাদেশৰ প্রধানমন্ত্রীয়ে, ক’লে এনেদৰে…

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ভাৰতত নৰেন্দ্র মোদী চৰকাৰে বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনৰ ফলত বাংলাদেশতেই সর্বাধিক প্রভাৱ পৰিব বুলি আলোচিত হ’লেও ইমানদিনে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাছিল দেশখনৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ অৱশেষত নাগৰিকত্ব…

ছয়গাঁৱৰ কর্কট আক্রান্ত দুই কণমানি ভগ্নীৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ছয়গাঁৱৰ কর্কট ৰোগত আক্রান্ত দুই কিশোৰী ভগ্নীৰ সম্পূর্ণ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে কামৰূপ জিলাৰ ছয়গাঁৱৰ ভৱানীপুৰ গাঁৱৰ নাজিয়া বিবিৰ দুগৰাকী কন্যা শিশুৱেই…

মাজুলীত অসম ভাওনা সমাৰোহ আৰম্ভ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ‘ভাওনা দৰাচলতে অসমৰ জনতাৰ ধর্ম–সমাজ–সাহিত্য মূল বেদী৷ জনসাধাৰণক নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জ্ঞান লাভত ভাওনাই শিক্ষা দিয়ে৷ নিস্তেজজনক তেজ দিয়া অনুষ্ঠানটোৱেই হ’ল ভাওনা৷ দুর্বলীক সাহস দিয়া, একাত্মবোধ…

অসমত কংগ্রেছৰ ভৱিষ্যৎ

                         ১৫ বছৰ একেলেথাৰিয়ে শাসন ক্ষমতাত থকাৰ পিছত প্রায় ৪ বছৰৰ আগতে কংগ্রেছে অসমত ক্ষমতা হেৰুৱাইছিল৷ আৰু প্রায় এবছৰৰ পিছত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব আৰু কংগ্রেছে স্বাভাৱিকতেই হেৰুওৱা ক্ষমতা ঘূৰাই পাবলৈ ইচ্ছা কৰিব৷…

আজি ‘পৰীক্ষা পে চর্চা’; অংশগ্রহণ কৰিব ৫০ গৰাকী দিব্যাংগ শিক্ষার্থীয়ে

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ নতুন দিল্লীত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ছাত্র–ছাত্রীৰ সৈতে অংশ ল’ব ‘পৰীক্ষা পে চর্চা’ত৷ নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত শিক্ষার্থীসকলক সম্বোধন কৰিব প্রধানমন্ত্রী মোদীয়ে৷ ২০১৮ চনৰ ফেব্রুৱাৰীত প্রথবাৰৰ…

১৮,৩৪০ কিলোমিটাৰ মানৱ শৃংখলেৰে বিহাৰত নতুন অভিলেখ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ১৮,৩৪০ কিলোমিটাৰ মানৱ শৃংখলেৰে দেওবাৰে বিহাৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ পৰিৱেশ সুৰক্ষা অভিযান তীব্রতৰ কৰি বিহাৰত নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে মানৱ শৃংখলৰ দৰে অভিনৱ প্রচাৰ কার্যসূচী হাতত লয়৷ এই বৃহৎ…

বক্সিঙৰ ফাইনেলত প্ৰৱেশ অসমৰ ৫ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমে সফলতাৰ ধাৰা অব্যাহত ৰাখি দেওবাৰে দুটা পদক জয় কৰে৷ তিনিটাকৈ সোণৰ পদক জয় কৰি ইতিমধ্যে খলকনি তোলা অসমৰ প্রতিভাৱান সাঁতোৰবিদ শিৱাংগী শর্মা কালি চতুর্থটো স্বর্ণ জয়েৰে উজলি উঠে৷…

ৰোহিতৰ ১১৯, কোহলিৰ ৮৯ ৰে ২–১ ত শৃংখলা দখল ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ঘৰুৱা দল টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ বিপক্ষে খেলা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটো ২–১ৰ ব্যৱধানত দখল কৰিছে৷ দেওবাৰে অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক মেচখনত ভাৰতে অষ্ট্রেলিয়াক ৭ উইকেটত পৰাস্ত কৰে৷ মেচখনত কেংগেৰু…