নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীক বছৰেকীয়া চুক্তিৰ পৰা বাহিৰ কৰিলে বিচিচিআইয়ে

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ প্ৰায় ৬ মাহ ক্ৰিকেট দলৰ পৰা আঁতৰি থকা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক বিচিচিআইয়ে বছৰেকীয়া চুক্তিৰ পৰা বাহিৰ কৰিছে। এম এচ ধোনীক যোৱা বৰ্ষত এ গ্ৰেডত চুক্তি কৰিছিল। বিচিচিআইয়ে বৃহস্পতিবাৰে বছৰেকীয়া…

বেংকৰ দুদিনীয়া ধৰ্মঘট.. বিপদত পৰিব গ্ৰাহক

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছে বেংক অফিচাৰচ এচচিয়েচনে। সংগঠটোৰ মতে সপ্তাহত পাঁচ দিন কাম ৰ লগতে দৰমহা নিৰিখকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্মঘট…

আজিৰে পৰা আৰম্ভ হ’ল জোনবিল মেলা

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ মৰিগাঁৱত আজিৰে পৰা আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা । জোনবিলৰ পাৰত এতিয়া অচল হৈ পৰিছে মুদ্ৰা । বিনিময় প্ৰথা প্ৰচলিত এই বিশেষ মেলাৰ বাবে পাহাৰৰ পৰা নামি আহিছে মামা-মামী সকল । জাগীৰোডৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ…

লোকমান্য তিলক এক্সপ্ৰেছ লাইনচ্যুত

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ মুম্বাই-ভূৱনেশ্বৰ লোকমান্য তিলক এক্সপ্ৰেছ বৃহস্পতিবাৰে সালগাঁওত লাইনচ্যুত হৈছে। ইষ্ট কংকণ ৰেলৱেৰ জনসম্পৰ্কীয় ৰক্ষী বিষয়া জনে কয় যে সালগাঁওৰ ওচৰত লোকমান্য তিলক এক্সপ্ৰেছৰ আঠটা দবা লাইনচ্যুত হোৱাৰ বাবে ৪০ জন লোক…

পণ্ট অবিহনে ৰাজকোটলৈ ভাৰতীয় দল

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্টে অষ্ট্ৰেলিয়াৰ বিৰোধে দ্বিতীয় এদিনীয়াত খেলাক লৈ অনিশ্চিয়তাই দেখা দিছে। পন্টে প্ৰথম খন মেচত বেটিং কৰি থাকোতেই মূৰত আঘাত পাইছিল যাৰ বাব দ্বিতীয় ইংনিছত ফিল্ডিং কৰা…

এদিনীয়াৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন ৰোহিত শৰ্মা

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ আইচিচিয়ে শেহতীয়াভাৱে ২০১৯ বৰ্ষৰ টেষ্ট আৰু এদিনীয়া সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ নাম ঘোষণা কৰিছে। এই পুৰস্কাৰ শিতানত ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে পুৰস্কাৰ লাভ কৰিছে। ৰোহিত শৰ্মাই বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া…

সেনা দিৱসঃ পুুৰুষ পেৰেডৰ নেতৃত্ব দিলে কেপ্টেইন তানিয়া ছেহগেলে

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ আজি দেশত ৭২ সংখ্যক সেনা দিৱস পালন কৰা হৈছে। চলিত বৰ্ষৰ সেনা দিৱস এই কাৰণে বিশেষ যে কোনোবা এগৰাকী মহিলা সেনা বিষয়াই পেৰেডক নেতৃত্ব দিছে। সেনা দিৱসৰ দিনা আজি কেপ্টেইন তানিয়া ছেহগেল প্ৰথম মহিলা পেৰেড কামাণ্ডাৰ হোৱাৰ…

পৰীক্ষা পে চৰ্চা বাবে এতিয়ালৈকে ২.৫ লাখ আবেদন

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষা সমাগত। এই সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মন বিষন্নতাৰে ভৰি পৰে। তাৰ পৰা উপশম ঘটাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিক্ষাৰ্থী আৰু শিক্ষক সকলৰ মাজত পৰীক্ষাক লৈ ভয় আৰু শংকা আঁতৰ কৰিবলৈ…

ভোগালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোডীৰ

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু। উৰুকাই নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত পুহ আৰু মাঘৰ দোমাহীৰ দিনা পুৱাই মেজি জ্বলাই অসমবাসীয়ে অগ্নিদেৱতাক সেৱা কৰি ৰাজ্যখনত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে।…

জম্মুত আজিৰে পৰা ২জি মবাইল সেৱা আৰম্ভ

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ জম্মু আৰু কাশ্মীৰত জৰুৰী সেৱা সমূহ যেনে হোটেল, শৈক্ষিক সংস্থান, যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰনেট ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰা সিদ্ধান্ত লোৱা হৈছে। আনহাতে জম্মুত ২জি মবাইল সেৱা আৰম্ভ কৰা হব। জম্মু আৰু কাশ্মীৰৰ…